NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনৰ ৰাণীৰ স্বাস্থ্যকলৈ উদ্বিগ্ন চিকিৎসক; ততাতয়াকৈ স্কটলেণ্ড পালে চাৰ্লছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2022 8:04 pm

শাৰীৰিক অসুস্থতাৰ বাবে বুধবাৰে ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথে প্ৰিভি কাউন্সিলৰ ভাৰ্চুৱেল সভাত উপস্থিত থাকিব নোৱাৰিলে। গোটেই বিশ্বতে তেওঁৰ স্বাস্থ্যৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে।

অৱশ্যে বাকিংহাম পেলেচে জানিবলৈ দিছে যে চিকিৎসকসকলে বৃহস্পতিবাৰে ৰাতিপুৱাও ৰাণীৰ স্বাস্থ্য পৰীক্ষা কৰিছে। চিকিৎসকসকলে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে অৱগত। তেওঁলোকে ৰাণীক পৰ্যৱেক্ষণত ৰাখিবলৈ পৰামৰ্শ দিছে।

বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে ৰাণী দ্বিতীয় এলিজাবেথ স্কটলেণ্ডৰ বালম’ৰেল ফৰ্টত বিশ্ৰাম লৈ আছে। ৰাণীয়ে যোৱা জুলাইৰ পৰা স্কটিছ ফৰ্টত গ্ৰীষ্মকালীন অৱসৰত আছে।

প্ৰিন্স চাৰ্লছে ইতিমধ্যে বালম’ৰেল ফৰ্টলৈ ৰাওনা হৈছে। ডাচেছ অফ কেমব্ৰিজ আৰু ডিউক অফ কেমব্ৰিজও ৰাণীক চাবলৈ গৈছে। ৰাণীৰ বৰ্তমান বয়স ৯৬ বছৰ।

দেশৰ সকলোৱে তেওঁৰ শাৰীৰিক অৱস্থাক লৈ চিন্তিত। প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে কয় যে সমগ্ৰ দেশ ৰাণীৰ স্বাস্থ্যক লৈ গভীৰভাৱে চিন্তিত।

বুধবাৰৰ প্ৰিভি কাউন্সিলৰ বৈঠকত লিজ ট্ৰাছে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ কথা আছিল। নতুন কেবিনেটৰ সদস্যসকলেও তেওঁৰ সৈতে শপত গ্ৰহণ কৰাৰ কথা আছিল।

বাকিংহাম পেলেচে এটা বিবৃতিত জনায় যে ৰাণীয়ে চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰি  জিৰণি লৈ আছে। সেয়েহে, সন্ধিয়াৰ প্ৰিভি কাউন্সিলৰ বৈঠকৰ তাৰিখ নতুনকৈ ঘোষণা কৰা হ’ব।