NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত হ’ব প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক

Posted by: এন ই নাও নিউজ April 23, 2018 11:20 am
NRC

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ কামত নিয়োজিত হৈ থকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ সন্মুখত দেখা দিছে আন এক সমস্যা। কিয়নো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে অহা বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব প্ৰাথমিক শিক্ষাৰ ডিপ্লমা(ডি এল এড)। কিন্তু এন আৰ চিত জড়িত শিক্ষকসকলক এন আৰ চি কৰ্তৃপক্ষই ছুটী অনুমোদন নিদিয়া বাবে এই শিক্ষকসকল ডি এল এডৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ পৰা বঞ্চিত হ’ব।

উল্লেখ্য যে কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাথমিক বিদ্যালয়ৰ অধিকাংশ শিক্ষকে ডি এল এড পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা। ২৮ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় বৰ্ষৰ পৰীক্ষাত এতিয়া এই শিক্ষকসকল অৱতীৰ্ণ হ’ব নোৱাৰিব। কিয়নো শিক্ষকসকলক এন আৰ চি কৰ্তৃপক্ষই ছুটীৰ অনুমোদন দিয়া নাই।

কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২০ হেজাৰ প্ৰাথমিক বিদ্যালয় শিক্ষকৰ বাবে সকলো ধৰণৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি জনায়।

‘ডি এল এড পৰীক্ষাৰ দ্বিতীয় বৰ্ষত অৱতীৰ্ণ হ’বলগীয়া যি সকল শিক্ষক এন আৰ চিত নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে আমি পৰীক্ষাৰ সময়সূচী অতিৰিক্তভাৱে নিৰ্ধাৰণ কৰিম। জুন-জুলাই মাহত উক্ত শিক্ষকসকলৰ বাবে বিশেষ পৰীক্ষাৰ আয়োজন কৰিম’ বুলি কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ভবাৰঞ্জন শৰ্মাই জানিবলৈ দিয়ে।

স্মৰ্তব্য যে এন আৰ চি কামত জড়িত হৈ থকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলে কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত থকা নিজৰ নিজৰ অধ্যয়ন কেন্দ্ৰ সমূহত এই অসুবিধা সম্পৰ্কে জনাব লাগিব।

ইফালে কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত ডি এ এডৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ২০ হেজাৰ শিক্ষকৰ ভিতৰত ১০-১৫ শতাংশ শিক্ষকেই এন আৰ চি কামত নিয়োজিত হৈ আছে বুলি এক শুত্ৰই জানিবলৈ দিয়ে।