NORTHEAST NOW (Assamese)
অসম

মানৱ সৰবৰাহ ৰোধৰ বাবে নতুন আইন প্ৰণয়নৰ বাবে সাজু অসম চৰকাৰ: জনালে মুখ্যমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2022 9:00 pm
human trafficking

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ ঘটনা ৰোধৰ লক্ষ্যৰে অসম চৰকাৰে এখন নতুন আইন প্ৰণয়নৰ বাবে প্ৰস্তুতি চলাইছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নতুন আইনৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা মতে ঘৰুৱা সহায়ক হিচাপে কাম কৰা লোকসকলক সুৰক্ষা দিবলৈ শীঘ্ৰেই ৰাজ্যত এক নতুন আইন প্ৰৱৰ্তন কৰা হ’ব।

এই নতুন আইনে ঘৰুৱা সহায়কৰ বৃত্তিত নিয়োজিত লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিব আৰু মানৱ সৰবৰাহৰ ঘটনা হ্ৰাস কৰিব বুলি তেওঁ দাবী কৰে।

নতুন আইনখন বিধানসভাত উত্থাপন হোৱাৰ পিছত ঘৰুৱা সহায়ক নিয়োগ কৰা ৰাজ্যৰ পৰিয়ালসমূহে আৰক্ষীয়ে নিৰ্ধাৰণ কৰা কিছু প্ৰক্ৰিয়াৰ দ্বাৰা আগবাঢ়িব লাগিব পাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

লগতে এই আইনৰ আধাৰত এনে পৰিয়ালসমূহে কিছুমান দায়বদ্ধতামূলক ব্যৱস্থা অনুসৰণ কৰিব লাগিব পাৰে মুখ্যমন্ত্ৰী শৰ্মাই আজি বিধানসভাত সদৰী কৰে।

বিধানসভাত শৰ্মাই কয়, “কেৱল শিশু বা কিশোৰ-কিশোৰীক আন ৰাজ্যলৈ অবৈধভাৱে লৈ যোৱাৰ সময়তহে মানৱ সৰবৰাহ হয় বুলি মানুহৰ মাজত এটা ধাৰণা আছে। কিন্তু যেতিয়া একেজন ব্যক্তিক তেওঁৰ ঘৰৰ পৰা বেলেগ জিলালৈ বা ৰাজ্যিক সীমাৰ ভিতৰতে আন ঠাইলৈ লৈ যোৱা হয়, তেতিয়া আমি এই ঘটনাক উপেক্ষা কৰোঁ।”

“প্ৰস্তাৱিত আইন অনুসৰি ঘৰুৱা সহায়ক নিয়োগকৰ্তা সকল কিশোৰ-কিশোৰীৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে দায়বদ্ধ হ’ব। এই পৰিয়ালসমূহে তেওঁলোকৰ ঘৰুৱা সহায়কৰ প্ৰমাণপত্ৰ স্থানীয় আৰক্ষীৰ ওচৰত বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব।”— তেওঁ লগতে কয়।

উল্লেখ্য যে নেচ’নেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো (NCRB)ৰ প্ৰতিবেদন অনুসৰি বিগত সময়চোৱাত অসমত মানৱ সৰবৰাহৰ ১৪৯ টা ঘটনাৰ বিষয়ে পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰে ৩৭৯ জন ভুক্তভোগীক উদ্ধাৰ কৰা হৈছে।

এনচিআৰবিৰ তথ্যই যোৱা কেইবছৰমানত অসমত মানৱ সৰবৰাহৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি হোৱা বুলি প্ৰমাণ কৰিছে। ৰাজ্যত ২০২০ চনত প্ৰায় ১০৩ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল।

সেইদৰে বিগত ২০২১ বৰ্ষত দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমত দ্বিতীয় সৰ্বাধিক মানৱ সৰবৰাহৰ ঘটনাৰ গোচৰ ৰুজু কৰা হৈছিল।