NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড: ভস্মীভূত হ’ল ৭০০ তকৈও অধিক দোকান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2022 4:07 pm
Massive fire at Naharlagun daily market

অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ওচৰৰ নাহৰলগুন দৈনিক বজাৰত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত জাহ যায় ৭০০ তকৈও অধিক দোকান। পুৱা প্ৰায় ৪ বজাত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডত কোটি কোটি টকাৰ সম্পত্তি ভস্মীভূত হয়।

উল্লেখ্য যে নাহৰলগুন দৈনিক বজাৰখন ৰাজ্যখনৰ আটাইতকৈ পুৰণি বজাৰ। এই বজাৰখন অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ আঁতৰত অগ্নি নিৰ্বাপক কেন্দ্ৰ আৰু নাহৰলাগুন আৰক্ষী থানাৰ ওচৰত অৱস্থিত।

সোমবাৰে সন্ধিয়া দেৱালী উপলক্ষে জ্বলোৱা আতচবাজীৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ভস্মীভূত অধিকাংশ দোকান বাঁহ আৰু কাঠেৰে নিৰ্মিত হোৱাৰ বাবে জুই লগাৰ পাছতে এখন দোকানৰ পৰা আনখন দোকানলৈ দ্ৰুত গতিত বিয়পি পৰে।

অগ্নিকাণ্ডৰ কিছুসময় পিছতে কেইবাখনো অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ভয়াৱহভাৱে বাঢ়ি অহা জুই নিয়ন্ত্ৰণৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয়।

বিশেষকৈ এলপিজি চিলিণ্ডাৰৰ বিস্ফোৰণে এই অগ্নিকাণ্ডক অধিক ভয়াৱহ কৰি তোলে। অৱশ্যে কেইবাঘণ্টা ধৰি চলা প্ৰচেষ্টাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

এই ভয়াৱহ ঘটনাত ক্ষতি হোৱা মুঠ সা-সম্পত্তিৰ পৰিমাণ এতিয়াও নিশ্চিত হোৱা নাই। ইফালে স্থানীয় দোকানীসকলৰ অভিযোগ মতে প্ৰথম অৱস্থাতে জুই জ্বলা দেখাৰ পিছত তেওঁলোকে ওচৰৰ অগ্নি নিৰ্বাপক কেন্দ্ৰত তাৎক্ষণিকভাৱে উপস্থিত হৈছিল যদিও কোনো কৰ্মচাৰীক কাৰ্যালয়ত পোৱা নাছিল।

লগতে অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তো অগ্নি নিৰ্বাপক বাহনসমূহত পানী নাছিল বুলি জানিব পৰা গৈছে। কৰ্মচাৰীসকলে পুনৰ বাহনত পানী ভৰাই ঘটনাস্থলীত উপস্থিত হোৱালৈ অধিকাংশ দোকান ভস্মীভূত হৈছিল বুলি দোকানীসকলে অভিযোগ কৰিছে।