NORTHEAST NOW (Assamese)
দেশ

আতচবাজীৰ ভয়াৱহ প্ৰভাৱ: একেদিনাই চিকিৎসালয়ত আতচবাজীৰ কুপ্ৰভাৱৰ বলি হোৱা ৩২ গৰাকী ৰোগী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2022 7:03 am
Firecracker Linked Eye Injuries

পোহৰৰ উৎসৱ দেৱালীৰ সময়ত পাৰিপাৰ্শ্বিক অৱস্থাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বাবে আতচবাজীৰ ব্যৱহাৰক লৈ যথেষ্ট চৰ্চা হয় যদিও আনন্দ-উৎসৱৰ নামত ইয়াৰ প্ৰচলন হৈ আহিছে।

কেৱল পৰিৱেশৰ প্ৰতি অনা ভাবুকিয়ে নহয়, ব্যক্তিৰ স্বাস্থ্যৰ ওপৰতো আতচবাজীয়ে কেনে কুপ্ৰভাৱ পেলাব পাৰে, তাৰ এক উদাহৰণ পোৱা গৈছে চণ্ডীগড়ত।

চণ্ডীগড়ৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত শেহতীয়াকৈ দেৱালীত ফুটোৱা আতচবাজীৰ ফলত চকুত আঘাত পোৱা ২৮ গৰাকী ৰোগীৰ চিকিৎসা কৰা হৈছে।

মঙলবাৰে প্ৰতিষ্ঠানটোৰ দ্বাৰা জাৰী কৰা এক বিবৃতি অনুসৰি, প্ৰতিষ্ঠানটোৰ এডভান্সড আই চেণ্টাৰত এনে কাৰণত ২৮ গৰাকী ৰোগীয়ে চিকিৎসা কৰিছে।

এই ৰোগীসকলৰ ভিতৰত ২৫ গৰাকী পুৰুষ আৰু তিনিগৰাকী মহিলা। ইয়াৰে ১৬ গৰাকীৰ বয়স ১৫ বছৰতকৈ কম বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি ১৪ গৰাকী ৰোগীয়ে নিজে আতচবাজী ফুটোৱাই থকাৰ বিপৰীতে আন চৈধ্যগৰাকীয়ে আতচবাজী ফুটোৱা চাই থকাৰ সময়তে চকুত আঘাত পাইছিল।

ৰোগীসকলৰ ১১ গৰাকী চণ্ডিগড়ৰ, ছয়গৰাকী পঞ্চকুলাৰ আৰু বাকীসকল চুবুৰীয়া ৰাজ্য পঞ্জাৱ (৩), হাৰিয়ানা (৫) আৰু হিমাচল প্ৰদেশৰ (৩) আছিল বুলি লগতে সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে।

এই ২৮ গৰাকী ৰোগীৰ ভিতৰত ১১ গৰাকীৰ জৰুৰীকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন বুলি জানিবলৈ দি কৰ্তৃপক্ষই লগতে বাকী ৰোগীসকলে সামান্য আঘাত পাইছে বুলি উল্লেখ কৰে।

চকুৰ আঘাতৰ এই ঘটনাসমূহৰ উপৰিও আতচবাজীৰ ফলত শৰীৰত পোৰা আঘাতৰ চাৰি গৰাকী ৰোগীও প্ৰতিষ্ঠানটোৰ প্লাষ্টিক চাৰ্জাৰী বিভাগত ভৰ্তি হয় বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।