NORTHEAST NOW (Assamese)
অসম

মাজুলীত ১৪ মে’ৰ পৰা মুকলি হ’ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ

Posted by: মিটু খাটনিয়াৰ April 25, 2018 10:12 pm
maxresdefault

মাজুলীৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতী সকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সম্পুৰ্ণ আত্মপ্ৰত্যয়েৰে অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ এক বিশেষ উদ্যোগ লৈছে মাজুলী জিলা প্ৰশাসনে।

মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ প্ৰচেষ্টাত জিলাখনৰ আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলৰ বাবে মাজুলী মহাবিদ্যালয়ত অহা ১৪ মে’ৰ পৰা এটা ‘প্ৰাক-প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ’ মুকলি কৰা হ’ব ।

জিলা প্ৰশাসনৰ তত্বাৱধানত আৰু মাজুলী মহাবিদ্যালয়ৰ সহযোগত আৰম্ভ কৰিবলৈ লোৱা এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ কেন্দ্ৰটোৰ প্ৰথমটো প্ৰশিক্ষণ পৰ্বৰ বাবে ইতিমধ্যে উপায়ুক্তৰ নিৰীক্ষণত ৪০ দিনীয়া পাঠ্যক্ৰম সূচী যুগুতাই উলিওৱা হৈছে।

এই প্ৰশিক্ষণ কেন্দ্ৰ সমন্বয়কৰ দায়িত্বত থকা মাজুলীৰ সহকাৰী আয়ুক্ত অচ্যুত বৰুৱাই জানিবলৈ দিয়া মতে অহা ১৪ মে’ৰ পৰা আৰম্ভ কৰিবলৈ লোৱা প্ৰথমটো ৪৯ দিনীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ বাবে ইচ্ছুক জিলাখনৰ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।

এই আবেদন পত্ৰৰ নিৰ্দিষ্ট প্ৰতিলিপি অহা ২৯ এপ্ৰিলৰ পৰা গড়মূৰস্থিত উপায়ুক্তৰ কাৰ্যালত উপলব্ধ হ’ব। মাজুলীৰ যুৱ প্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰি তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধিত অৰিহনা যোগাবলৈ জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰইও পাঠদান কৰিব ।