NORTHEAST NOW (Assamese)
অসম

মুম্বাইৰ বিমান বন্দৰত আটক কিং খান শ্বাহৰুখক, কিয় আটক কৰা হ’ল অভিনেতাজনক?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 12, 2022 5:19 pm

মুম্বাইৰ বিমান বন্দৰত আটক কৰা হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানক। অভিনেতাজনক ডুবাইৰ পৰা উভতি অহাৰ সময়তে মুম্বাই বিমানবন্দৰত শুল্ক বিভাগে আটক কৰে।

অভিনেতা জনে এটা ১৮ লাখটকীয়া ঘড়ী পিন্ধি থকাৰ বাবেই তেওঁক আটক কৰা হয়।
ব্যক্তিগত বিমানেৰে আহি মুম্বাইত উপস্থিত হোৱাৰ পিছতে তেওঁক আটক কৰা হয়। ১৮ লাখ টকীয়া ঘড়ী লগত ৰখাৰ বাবেই শ্বাহৰুখ খানক শুল্ক বিভাগে ৬.৮৩ লাখ টকাৰ জৰমনা বিহে।

সেই ধন পৰিশোধ কৰাৰ পিছতে তেওঁক মুক্তি দিয়া হয়। শ্বাহৰুখ খানৰ লগত তেওঁৰ মেনেজাৰ পূজা দাদলানীও আছিল। দুয়োৰে পৰা বহু দামী সামগ্ৰী জব্দ কৰা হয়।

উল্লেখ্য ছাৰজাহত গ্ৰন্থমেলাৰ উদ্বোধন কৰিবলৈ শ্বাহৰুখ খান ডুবাইলৈ গৈছিল। তেওঁ দামী ঘড়ী পিন্ধাৰ কথা বহুতেই জানি আহিছে। তেনে চখৰ বাবেই আজি অভিনেতাজন আটক হ’বলগীয়া হয়।

শ্বাহৰুখে পিন্ধা ১৮ লাখটকীয়া ঘড়ীটোৰ বাবে পূৰ্বে কোনো কৰ আদায় দিয়া নাছিল বুলি জানিব পৰা গৈছে।