NORTHEAST NOW (Assamese)
অসম

ছত্তীশগড়ত পুৱতি নিশাৰ অভিযানত নিহত মহিলা কেডাৰসহ তিনি মাওবাদী সদস্য

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 26, 2022 4:51 pm
naxals-1

সন্ত্ৰাসজৰ্জৰ ছত্তীশগড়ত আজি পুৱতি নিশা আৰক্ষী-চিআৰপিএফে চলোৱা এক অভিযানত এগৰাকী মহিলা কেডাৰসহ তিনিজন মাওবাদী নিহতহয়। হাবিৰ মাজত মাওবাদীয়ে আশ্ৰয় লোৱাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলায়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ছত্তীশগড়ৰ বিজাপুৰ জিলাত এই অভিযানত চলোৱা হৈছিল। বাস্তাৰ ৰেঞ্জৰ আইজি পি সুন্দৰৰাজে কয় যে নিহত মাওবাদীসকলৰ ভিতৰত এগৰাকী মহিলা কেডাৰো আছে ৰাজ্য খনৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত মিৰ্তুৰ আৰক্ষী থানাৰ পোমৰা বনাঞ্চলত এই সংঘৰ্ষ হয়।

মাওবাদীৰ দলটোত মাওবাদী সদস্য মোহন কাদতি আৰু সুমিত্ৰাকে ধৰি ৩০-৪০ জন সদস্য আছিল। তিনি জন নিহত হয় যদিও বাকী কেইজনে পলাই সাৰে।