NORTHEAST NOW (Assamese)
Popular Stories

চীনত পুনৰ কোভিড :: তিনিমাহৰ ভিতৰত আক্ৰান্ত হ’ব ৬০ শতাংশ লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2022 3:36 pm

অহা তিনিমাহৰ ভিতৰতে কৰনাত আক্ৰান্ত হব চীনৰ ৬০ শতাংশ লোক। এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে বিখ্যাত মহামাৰী বিজ্ঞানী এৰিক ফেইল-ডিঙে। তেওঁৰ মতে এই তিনিমাহত চীনত লাখ লাখ লোকৰ মৃত্যু হব।

এৰিক ফেইল-ডিঙ

চীনৰ কোভিড হাস্পাতালত ইতিমধ্যে অতিমাত্ৰা ভিৰ হ’বলৈ আৰম্ভ কৰিছে। এই পৰিস্থিতি আৰু  ভয়াৱহ বুলি আশংকা কৰিছে মহামাৰী বিজ্ঞানী এৰিক ফেইল-ডিঙে।

উল্লেখ্য যে চীনে কোভিড প্ৰতিৰোধৰ বাবে সদায় কঠোৰ লকডাউনৰ জাৰি কৰি আহিছিল। কিন্তু সমগ্ৰ দেশতে প্ৰতিবাদৰ সন্মুখীন হৈ চীন চৰকাৰে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে।

লগতে পঢ়ক : বিপদত প্ৰাক্তন ৰাষ্ট্ৰপতি; অভিযোগ প্ৰমানিত হ’লে ৪০ বছৰলৈকে কাৰাবাস হ’ব পাৰে ডোনাল্ড ট্ৰাম্পৰ!

কিন্তু লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছৰ পৰাই চীনত পুনৰ কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ বাতৰি কাকতৰ সূত্ৰৰ মতে কোভিড ৰোগীৰ বাবে থকা বিশেষ শ্মশান সমূহৰ একাংশ শ্মশান ইতিমধ্যে ভৰি পৰিছে।

এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চীন চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সবিশেষ জনা নাযায় যদিও মহামাৰী বিজ্ঞানী ফেইলে ইয়াৰ বিষয়ে কিছু আভাস দিয়ে। তেওঁৰ মতে কমিউনিষ্ট পাৰ্টি জনস্বাস্থ্যৰ প্ৰতি একেবাৰেই চিন্তিত নহয়। তেওঁলোকে বিচাৰে যে প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণ মানুহ নিৰ্বিচাৰে প্ৰভাৱিত হওক। গতিকে সংক্ৰমণৰ ৰোধৰ বাবে চৰকাৰে কোনো আপদকালীন উদ্যোগ হাতত লোৱা নাই।

লগতে পঢ়ক : শেহতীয়া NCRB প্ৰতিবেদন: ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

 সেইবাবেই চীনত কোভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। চীনত এতিয়া দৈনিক কমেও ২০০টা মৃতদেহ শ্মশানত দাহ কৰিব লগা হৈছে। কভিড আক্ৰান্ত সকলক দাহ কৰাৰ বাবে শ্মশানৰ কৰ্মী সকলো  মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে। অৱশ্যে মৃতকৰ সংখ্যা চীনে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।

লগতে পঢ়ক : দুবছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল দুই দেশৰ দুই সমকামী বিশ্ব সুন্দৰীয়ে

সূত্ৰ অনুসৰি বৰ্তমান চীনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৪ লাখৰো অধিক। কিন্তু চীন চৰকাৰে এই সন্দৰ্ভত একো অৱগত কৰা নাই। আনকি প্ৰশাসনে দেশৰ নাগৰিকৰ বাবে পৰ্যাপ্ত ভেকচিনো যোগান ধৰা নাই। মুঠতে কোভিডৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হৈছে চীনা কমিউনিষ্ট পাৰ্টি। অদূৰ ভৱিষ্যতে কোভিডৰ ফলত চীনৰ নাগৰিক অধিক ক্ষতিগ্ৰস্ত হব বুলি আশংকা কৰিছে ফেইলৰ দৰে বিশেষজ্ঞসকলে।

লগতে পঢ়ক : ৰুছ-ইউক্ৰেইন সমস্যা সমাধানৰ বাবে ৩ সূত্ৰ প্ৰস্তাৱ জেলেনস্কীৰ