ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ বিগত ৬ বছৰত ৭১,০৬১ টা মহিলা নিৰ্যাতনৰ ঘটনাৰে অভিলেখ গঢ়িছে অসমে (Crime Against Women in Assam)৷ শেহতীয়াকৈ ৰাজ্যৰ আৰক্ষী বিভাগে সদৰি কৰা এক তথ্য অনুসৰি উদ্বেগজনক খবৰ পোহৰলৈ আহিছে (Crime cases increase in Assam)৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি ২০২০ চনতকৈ ২০২১ চনত বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ ২০২১ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ ৰাজ্যত ২৬,২৪৩ টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিৰ হৈছে ৷ ২০২০ চনত ২১,৯১৪ টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে ।
এই তথ্যত প্ৰকাশ পোৱা অনুসৰি ২০২০ তুলনাত ২০২১ত ৰাজ্যত ধৰ্ষণ আৰু নাৰী-যুৱতী অপহৰণৰ ঘটনা দুগুণে বৃদ্ধি হৈছে ৷ একেদৰে বিগত বৰ্ষত ৰাজ্যত নাৰী সৰবৰাহৰ ঘটনা চাৰিগুণলৈ বৃদ্ধি হৈছে ৷ ইয়াৰ বিপৰীতে যৌতুকজনিত কাৰণত মহিলাৰ হত্যা, স্বামীৰ দ্বাৰা নাৰী নিৰ্যাতনৰ ঘটনাও পূৰ্বৰ তুলনাত বৃদ্ধি হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ ২০২০ চনত ৰাজ্যত ১,৭৩৬টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু ২০২১ চনত ধৰ্ষণৰ ঘটনা ৩,৭৪৭ টালৈ বৃদ্ধি হয় ৷ একেদৰে ২০২০ চনত ৰাজ্যখনত ৪,৭৯২টা নাৰী-যুৱতী অপহৰণৰ ঘটনা সংঘটিত হৈছিল ৷
ইয়াৰ বিপৰীতে ২০২১ চনত অপৰাধৰ ঘটনা ৭,৬৯১ টালৈ বৃদ্ধি হৈছে ৷ ২০২০ চনত ৫৩ টা নাৰী সৰবৰাহৰ বিপৰীতে ২০২১ চনত ২১৮ টা, ১২৪ টা যৌতুকজনিত হত্যাৰ ঘটনা সংঘটিত হৈছিল ৷ ২০২০ চনত ৰাজ্যত ১১,৩৮৯ টা স্বামীৰ দ্বাৰা নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল আৰু বিগত বৰ্ষত এই ঘটনা ১৪,৪৫২ টালৈ বৃদ্ধি পাইছে ৷
এই তথ্য অনুসৰি ২০১৬ চনত পহিলা জানুৱাৰীৰ পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰলৈ ধৰ্ষণ, সৰবৰাহ, যৌতুকজনিক মৃত্যু, স্বামীৰ দ্বাৰা নিৰ্যাতন আৰু নাৰী-যুৱতী অপহৰণৰ ১,২০,৯২৬ টা অপৰাধৰ ঘটনা সংঘটিত হৈছে ৷ ২০২১ চনত ৰাজ্যত ১২,৮৩১ টা ধৰ্ষণ, ৫৩৪ টা নাৰী সৰবৰাহ, ৮৯৭ টা যৌতুকজনিত মৃত্যু আৰু ৩৫,৬০৩টা নাৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে।
শেহতীয়াকৈ National Crime Record Bureau ৰ তথ্যত অসমত মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে (NCRB report 2022) । NCRB ৰ শেহতীয়া তথ্য মতে ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে। বিগত বৰ্ষত অসমত প্ৰায় ৪০০০ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে যি দেশৰ ৰাজ্য সমূহৰ ভিতৰত দ্বিতীয় সৰ্বাধিক। তদুপৰি, ইমান কম জনসংখ্যাৰ এখন ৰাজ্য হিচাপত অসমেই প্ৰথম (Assam in second position for rape case)।
আনহাতে, চাইবাৰ অপৰাধ তথা প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱা দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে অসমে। ক’ভিডৰ পাছত চাইবাৰ অপৰাধৰ ঘটনা দুগুণলৈ বৃদ্ধি হোৱা ৰাজ্যখনত বিগত বৰ্ষটোত মুঠ ৪,৮৪৬টা এনে অপৰাধৰ গোচৰ ৰুজু হৈছে। উল্লিখিত এই মুঠ গোচৰৰ বিপৰীতে অসম আৰক্ষীয়ে ১,৬৯৩টা গোচৰৰহে অভিযোগনামা দাখিল কৰাৰ তথ্য প্রকাশ পাইছে। তথ্য অনুসৰি, ২০১৭ত অসমত ৰুজু হোৱা ১,১২০টা চাইবাৰ অপৰাধৰ গোচৰৰ বিপৰীতে আৰক্ষীয়ে ১,২৬১জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৭৯টা গোচৰৰহে অভিযোগনামা দাখিল কৰা হৈছে।
২০২১ চনৰ ডিচেম্বৰত মুকলি কৰা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ অনুসৰি (NHFS) ২০২০-২১ ত সংগ্ৰহ কৰা লিংগ-আধাৰিত হিংসাৰ তথ্যতো অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধিৰ প্ৰৱণতাৰ কথা উল্লেখ কৰা হৈছে। অসমত ৩০% ৰো অধিক মহিলাই এই প্ৰতিবেদন অনুসৰি গাৰ্হস্থ্য হিংসাৰ বলি হয়, আৰু প্ৰায় ৮% যুৱতীয়ে যৌন হিংসাৰ বলি হৈ নিজৰ জীৱন বিপদাপন্ন কৰি তুলিব লগা হয়।
আনকি কাৰ্যতঃ ২০১৬ চনৰ পৰা ৰাজ্যিক মহিলা আয়োগৰ অস্তিত্ব কেৱল ফাইলৰ মাজতে সীমাবদ্ধ হৈ আছে। অসমত বিগত বছৰ কেইটাত ক্ৰমবৰ্দ্ধমান হাৰত বৃদ্ধি পোৱা নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনাসমূহ ৰোধ কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা নাই।
আনহাতে এই বিষয়সমূহত চৰকাৰক উপযুক্ত দিহা-পৰামৰ্শ দি নাৰীৰ ওপৰত চলা হিংসা, নিৰ্যাতনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ৰাজ্যিক মহিলা আয়োগ ইতিমধ্যেই সম্পূৰ্ণৰূপে ব্যৰ্থ। সমগ্ৰ ৰাজ্যখনত এটাৰ পিছত আনটো নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো আয়োগ এইবোৰৰ বিৰুদ্ধে কিয় তৎপৰ নহয় সেয়া এক ডাঙৰ প্ৰশ্ন। গতিকে আইন প্ৰদত্ত ক্ষমতা ব্যৱহাৰ কৰি তাৎক্ষণিকভাৱে মহিলা আয়োগক অসমৰ নিৰ্যাতিত নাৰী সমাজৰ হৈ নিজৰ দায়িত্ব পালন কৰিবৰ বাবে দাবী জনোৱা হৈছে।
এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ হ’লে পঞ্চায়ত, জিলা আৰু ৰাজ্যিক পৰ্যায়ত মহিলা সুৰক্ষা সমিতি স্থাপন; সকলো অসমৰ জিলাৰ চুকে কোণে 181 নম্বৰৰ মহিলা হেল্পলাইনৰ সম্প্ৰসাৰণ; আৰু ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫, অসম ডাইনী হত্যা (প্ৰতিৰোধ, প্ৰতিৰোধ আৰু সুৰক্ষা) আইন, ২০১৮ আৰু কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, প্ৰতিৰোধ আৰু নিষ্পত্তি) আইন, ২০১৩ আৰু সংশোধিত ৰাজ্যিক ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ কাৰ্যকৰী ৰূপায়ণ জৰুৰী।
এই সন্দৰ্ভত অসমৰ বিৰোধী বিধায়ক অখিল গগৈয়ে কয়, ‘’মহিলাৰ বিৰুদ্ধে অপৰাধৰ মোকাবিলা কৰিবলৈ এক নিৰ্দিষ্ট টাস্ক ফ’ৰ্চৰ সৈতে ৰাজ্যিক নীতি হৈছে সময়ৰ প্ৰয়োজনীয়তা। নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰিবলৈ অসমত নতুন আইন প্ৰণয়ন কৰাৰ যথেষ্ট থল আছিল। মই সময়ে সময়ে বিধানসভাৰ মজিয়াত কৈ আহিছোঁ কিদৰে আন কিছুমান ৰাজ্যই ইতিমধ্যে বলাৎকাৰ, নাৰী নিৰ্যাতনকাৰীক কঠোৰ শাস্তি প্ৰদানৰ বাবে নিৰ্দিষ্ট নতুন আইন প্ৰণয়ন কৰিছে।‘’
তেওঁ লগতে কয়, ‘’অসমতো এনে ঘটনা প্ৰতিৰোধ বা নিয়ন্ত্ৰণৰ বাবে অপৰাধীক তাৎক্ষণিকভাৱে কঠোৰ শাস্তি বিহিবলৈ বিধানসভাৰ অধিৱেশনত নতুন আইন গ্ৰহণ কৰা হ’ব বুলি ২০১৭ চনতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধানসভাত ঘোষণা কৰিছিল, কিন্তু বিজেপি চৰকাৰৰ দিনত এই ঘোষণাৰ কোনো ৰূপায়ন নহ’ল,বৰঞ্চ মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্য্যায়ত অসমৰ স্থান ওপৰলৈহে গৈ থাকিল।‘’