NORTHEAST NOW (Assamese)
অসম

চীন আৰু পাকিস্তানকলৈ চিন্তিত ৰাহুল গান্ধী! যুদ্ধ হ’লে দুই চুবুৰীয়া দেশে একেলগে আক্ৰমণ কৰিব ভাৰতক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 26, 2022 1:50 pm

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে কয় যে যদি এই মুহূৰ্তত ভাৰতৰ বিৰুদ্ধে যুদ্ধ হয় তেন্তে দুয়োখন চুবুৰীয়া দেশ চীন আৰু পাকিস্তানে একেলগে যুঁজ দিব। আৰু সেয়া হ’লে, ই ভাৰতৰ বাবে এক অতি বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব।

অৱশ্যে, ৰাহুল গান্ধীয়ে দেশৰ সুৰক্ষাৰ বাবে ভাৰতীয় সেনাৰ প্ৰতি তেওঁৰ অপৰিসীম বিশ্বাস আৰু শ্ৰদ্ধা প্ৰকাশ কৰে। তেওঁৰ ইউটিউব চেনেলত এটা ভিডিঅ’ত ৰাহুল গান্ধীয়ে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰোঁতে এনে মন্তব্য কৰা দেখা যায়।

লগতে পঢ়ক: আইচিআইচিআই বেংক জালিয়াতিৰ গোচৰত ভিডিঅ’কনৰ অধ্যক্ষ বেণুগোপালক গ্ৰেপ্তাৰ চিবিআইৰ

ৰাহুল গান্ধীয়ে কয়, “চীন আৰু পাকিস্তান একেলগ হৈছে। যদি যুদ্ধ হয়, ভাৰতে এই দুয়োখন দেশৰ সৈতে যুঁজ দিব লাগিব। তেনে ক্ষেত্ৰত ভাৰতে এক ডাঙৰ দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব। ভাৰত এতিয়া অতি বিপদজনক স্থানত আছে।”

তেওঁ লগতে প্ৰাক্তন সেনা বিষয়াসকলক উদ্দেশ্যি কয়, “মোৰ সেনা বাহিনীৰ প্ৰতি কেৱল সন্মানেই নহয়, লগতে ভালপোৱা আৰু শ্ৰদ্ধাও আছে। আপোনালোকে দেশক সুৰক্ষা দি আছে। আপোনালোকৰ অবিহনে এই দেশ নাথাকিবই।”

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পিছত চীন আৰু পাকিস্তানৰ যৌথ তত্ত্ব ব্যাখ্যা কৰাও দেখা গৈছিল। তেওঁ কয়, “ইয়াৰ পূৰ্বে আমাৰ দুই শত্ৰু চীন আৰু পাকিস্তানক পৃথকে ৰখা হৈছিল। প্ৰথমতে এইটো ধাৰণা আছিল যে যুদ্ধৰ দুয়োটা ফ্ৰণ্ট কেতিয়াও একেলগে খুলিব নালাগে। তেতিয়া মানুহে কৈছিল যে আঢ়ৈটা ফ্ৰণ্ট- চীন, পাকিস্তান আৰু সন্ত্ৰাসবাদৰ সৈতে যুদ্ধ চলি আছে। আৰু আজি চীন আৰু পাকিস্তান একেলগ হৈ এটাই ফ্ৰন্ট হৈ পৰিছে। যদি যুদ্ধ হয়, দুয়োখন দেশৰ সৈতে যুদ্ধ হ’ব। তেওঁলোকে কেৱল সামৰিকভাৱেই নহয়, অৰ্থনৈতিকভাৱেও সমন্বয় ৰক্ষা কৰি চলিছে।”

লগতে পঢ়ক: চীনৰ ভাবুকি! টাৱাং সীমান্তত বিশেষ ৰকেট বাহিনী নিৰ্মাণ কৰিব ভাৰতে; আহি আছে ১২০ টা ‘প্ৰলয়’

কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কংগ্ৰেছ নেতাজনে কয় যে মোডী চৰকাৰ শাসনলৈ অহাৰ পিছত ভাৰতৰ অৰ্থনীতিৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। ২০১৪ চনৰ পৰা দেশখনত অৰাজকতা, যুদ্ধ, বিভ্ৰান্তি আৰু ঘৃণাৰ বিষবাষ্প বিয়পি পৰিছে।

ৰাহুল গান্ধীয়ে কয়, “আমাৰ মনত এতিয়াও আঢ়ৈ ফ্ৰন্টৰ যুদ্ধৰ ধাৰণাই ৰৈ আছে। যৌথভাৱে যুদ্ধ কৰা বা চাইবাৰ অস্ত্ৰ-শস্ত্ৰ পৰিচালনা কৰাটো এতিয়াও মনলৈ অহা নাই। চীন আৰু পাকিস্তানে আমাক একেলগে এটা ডাঙৰ চমক দিবলৈ সাজু হৈছে। আৰু সেইকাৰণে মই বাৰে বাৰে কৈছো যে এইটো চৰকাৰৰ হাত বান্ধি বহি থকাৰ সময় নহয়। সীমান্তত কি ঘটিছে সেয়া দেশবাসীক মুকলিকৈ কোৱাটো প্ৰয়োজন।‘’

লগতে পঢ়ক: যুদ্ধ বন্ধ কৰিবলৈ আলোচনাৰ বাবে সাজু পুটিন; ইউক্ৰেইনবাসীক অবিচল থকাৰ আহ্বান জেলেনস্কিৰ

ৰাহুলে লগতে কয়, ‘’যি পদক্ষেপ ল’ব লাগে সেয়া আজিৰ পৰাই আৰম্ভ কৰিব লাগিব। দৰাচলতে, এইটো পাঁচ বছৰ আগতে আৰম্ভ হ’ব লাগিছিল, কিন্তু সেইটো কৰা হোৱা নাই। যদি আজিও ইয়াক লোৱা নহয়, তেন্তে আমি এক ডাঙৰ দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব। অৰুণাচল প্ৰদেশ আৰু লাডাখত যি ঘটিছে তাক লৈ মই বহুত উদ্বিগ্ন।”