NORTHEAST NOW (Assamese)
অসম

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2023 8:06 am

বৰপেটাস্থিত কৃষ্ণ গুৰু সেৱা আশ্ৰমে বিশ্ব শান্তিৰ বাবে আয়োজন কৰিছে অখণ্ড কীৰ্ত্তন। যোৱা ৫ জানুৱাৰীৰ পৰা কৃষ্ণ গুৰু সেৱা আশ্ৰমত চলি আহিছে অখণ্ড কীৰ্ত্তন। অহা ৬ ফেব্ৰুৱাৰীত সামৰণি হ’ব অখণ্ড কীৰ্ত্তনৰ।

বিশ্ব শান্তিৰ উদ্দেশ্যে আয়োজিত এই কীৰ্ত্তনত আজি বিয়লি অনলাইনযোগে অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিয়লি ৪.৩০ বজাত নৰেন্দ্ৰ মোডীয়ে অংশ ল’ব বৰপেটাৰ অখণ্ড কীৰ্ত্তনত।

উল্লেখ্য যে কৃষ্ণ গুৰু সেৱা আশ্ৰমত প্ৰতিবছৰে এসাপ্তাহজোৰা নামকীৰ্ত্তন অনুষ্ঠিত হয় যদিও এনেদৰে এমহীয়া কীৰ্ত্তন প্ৰতি বাৰ বছৰৰ মূৰে মূৰে হে অনুষ্ঠিত হয়।

জানিব পৰা মতে এই সত্ৰ বা আশ্ৰমখন আজিৰ পৰা ৫০০ বছৰৰ আগতে শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য মনোহৰদেৱে প্ৰতিষ্ঠা কৰিছিল। সেই ঠাইতে মনোহৰদেৱৰ উত্তৰপুৰুষে ১৯৭৪ চনত কৃষ্ণ গুৰু সেৱা আশ্ৰম প্ৰতিষ্ঠা কৰে।