NORTHEAST NOW (Assamese)
অসম

মেখেলা-চাদৰ পিন্ধি বিহু নাচিলে, বাগানত শ্ৰমিকৰ লগত চাহপাত ছিঙিলে প্ৰিয়ংকা চোপ্ৰাই

Posted by: এন ই নাও নিউজ April 29, 2018 8:57 pm

বলিউদৰ মায়ানগৰীত ঐশ্বৰ্য্যৰ মাজত দিন কটোৱা হিন্দী চিনেমাৰ তাৰকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা এতিয়া অসম পৰ্য্যটনৰ শ্বুটিঙৰ বাবে ব্যস্ত আছে অসমৰ সজীৱ প্ৰাকৃতিক পৰিৱেশ আৰু অসমীয়া সংস্কৃতিৰ আৱেষ্টনীৰ মাজত।

Priyanka_Chopra_2

বৰ্তমান যোৰহাটত থকা বলিউদী তাৰকা অভিনেত্ৰীগৰাকীক আজি গছতলৰ বিহুত বিহুনাচত অংশ লোৱা দেখা গ’ল। লগতে দেখা গ’ল বাগানত চাহপাত তোলা মহিলা শ্ৰমিকসকলৰ সৈতে চাহপাত তুলি থকা। দেখা গ’ল বাগানৰ সেউজীয়াৰ মাজে মাজে চাইকেল চলোৱা। এই সকলোবোৰ আছিল অসম পৰ্য্যটনৰ নিৰ্ধাৰিত ডকুমেণ্টেৰিৰ শ্বুটিঙৰ অংশ।

Priyanka_Chopra

কিন্তু এই অভিনয়ৰ ফাঁকে ফাঁকে অভিনেত্ৰীগৰাকীয়ে বাস্তৱতো বিচাৰি পাইছে অসমৰ সমাজ-সংস্কৃতি আৰু প্ৰকৃতিৰ অনন্য স্বাদ। ছচিয়েল মিডিয়াৰ পোষ্টত নিজকে অতি ‘সুখী’ ৰূপত উপস্থাপন কৰি তেওঁক আজিৰ দিনটোৰ অভিজ্ঞতাৰ নিৰ্বাচিত অংশ শ্বেযাৰ কৰা দেখা গৈছে।

প্ৰিয়ংকাই ফেচবুকৰ পোষ্টত উল্লেখ কৰে অসমীয়া মহিলাৰ পৰম্পৰাগত সাজ চাদৰ-মেখেলাৰ কথা, উল্লেখ কৰে লিলি ৰাধা নামৰ এজনী কণমানিৰ কথা। কৃতজ্ঞতাৰে উল্লেখ কৰিবলৈ নাপাহৰে তেওঁৰ অভিনয়ৰ অংশ হোৱা শান্ত-গম্ভীৰ হাতী ‘গীতা’ৰ কথা। Thank you Geeta.. for your strength your beauty and your grace নিজৰ পোষ্টত গীতাৰ কথা এইদৰে লিখে প্ৰিয়ংকাই।

আনহাতে অভিনেত্ৰীগৰাকীয়ে শ্বুটিঙত অংশগ্ৰহণ কৰা বাগানৰ শ্ৰমিকসকলক নিজৰ স্বাক্ষৰৰ সৈতে গামোচা উপহাৰ দিয়ে।অসমত আজিৰ দিনটোত নিজৰ অভিজ্ঞতাৰ সাক্ষীস্বৰূপ কেইবাখনো ফটোও শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে বৰ্তমান অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে চুক্তিবদ্ধ হৈ থকা প্ৰিয়ংকা চোপ্ৰাই উক্ত তথ্য চিত্ৰখনত অভিনয় কৰিবলৈ কালি যোৰহাটত উপস্থিত হৈছিলহি। তেওঁল আজি ৰাতি চকলং পদ্ধতিৰ বিবাহ অনুষ্ঠানৰ শ্বুটিং এটাত ভাগ লোৱাৰ কথা।