NORTHEAST NOW (Assamese)
দেশ

তিনি দিনত আয়কৰ বিভাগৰ ‘জৰীপ’: কাৰ্যালয় এৰা নাই বিবিচিৰ ১০ জ্যেষ্ঠ কৰ্মচাৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2023 1:13 pm
Income Tax Dept in BBC Office

দিল্লী আৰু মুম্বাইস্থিত ব্ৰিটেইন মূলৰ আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ আচম্বিত ‘জৰীপ’- এ আজি তিনি দিনত ভৰি দিছে। আয়কৰ বিভাগৰ এই পদক্ষেপৰ পিছৰে পৰা দিল্লীস্থিত কাৰ্যালয়ৰ পৰা বিবিচিৰ ১০ গৰাকী কৰ্মচাৰী বৰ্তমানলৈকে নিজ গৃহলৈ যোৱা নাই বুলি জানিব পৰা গৈছে।

২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক সংঘৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত সংবাদ সংস্থাটোৱে দুটা খণ্ডৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন’ সম্প্ৰচাৰ কৰাৰ কিছুদিনৰ পিছতে আয়কৰ বিভাগৰ এই অভিযানে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

কিন্তু আয়কৰ বিভাগে এই পদক্ষেপক অভিযানৰ পৰিৱৰ্তে জৰীপ চলোৱা বুলিহে উল্লেখ কৰিছে। বিভাগীয় বিষয়াসকলে বিবিচিৰ কৰ্মচাৰীসকলৰ পৰা বিত্তীয় তথ্য সংগ্ৰহ কৰি সংবাদ সংস্থাটোৰ নথি-পত্ৰৰ প্ৰতিলিপি তৈয়াৰ কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে বিবিচিয়ে এক বিবৃতিত দৈনন্দিন বাতৰি সচৰাচৰ কৰাৰ দৰে সম্প্ৰচাৰ কৰি আছে বুলি উল্লেখ কৰিছে আৰু বহু কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰি আছে বুলি সদৰী কৰিছে। লগতে আয়কৰ বিভাগৰ এই জৰীপত কাৰ্যালয়ে পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি সংবাদ সংস্থাটোৱে কয়।

উল্লেখ্য যে, মঙলবাৰে পুৱা প্ৰায় ১১:৩০ বজাত দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগে হঠাতে আৰম্ভ কৰিছিল এই অভিযান। প্ৰায় ৫০ ঘণ্টা সময় ধৰি চলি থকা এই অভিযান আৰু কিছু সময়ৰ বাবে চলি থাকিব বুলি কৰ্তৃপক্ষই উল্লেখ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় কৰ আৰু বহুজাতিক নিগমৰ বিভিন্ন শাখাৰ মাজত ধন বিনিয়োগৰ সৈতে জড়িত বিষয়সমূহৰ তদন্তৰ বাবে এই সমীক্ষা চলোৱা হৈছে বুলি বিভাগীয় বিষয়াসকলে জানিবলৈ দিছে। জৰীপ চলোৱা দলটোৱে কাৰ্যালয়ত থকা ইলেক্ট্ৰনিক ডিভাইচৰ পৰা সবিশেষ তথ্যৰ প্ৰমাণ সংগ্ৰহ কৰি আছে বুলি কৰ বিষয়াসকলে সদৰী কৰিছিল।

ইফালে বিবিচিৰ বিৰুদ্ধে কৰ বিভাগৰ এই পদক্ষেপক দেশৰ বিৰোধী দলসমূহে ধিক্কাৰ দি এই কাৰ্যক প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখনৰ বাবে কৰা ৰাজনৈতিক প্ৰতিশোধ বুলি অভিহিত কৰিছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰ আৰু কৰ বিভাগে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।