NORTHEAST NOW (Assamese)
Popular Stories

YouTube ৰ শীৰ্ষ পদত ভাৰতীয় বংশোদ্ভূত; নতুন মুখ্য কাৰ্যবাহী বিষয়া নীল মোহন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2023 8:08 am

চুজান ওৱজচিকিয়ে বিশ্বৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক ব্যৱহৃত ভিডিঅ’ ষ্ট্ৰীমিং সংস্থা ইউটিউবৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)পদ ত্যাগ কৰিছে। ভাৰতীয় মূলৰ নীল মোহন তেওঁৰ ঠাইত নতুন চিইঅ’ হ’ব। চুজানে বৃহস্পতিবাৰে সামাজিক মাধ্যমত এটা পোষ্টত এইকথা সদৰী কৰিছে। এই পৰিৱৰ্তন এনে এটা সময়ত আহিছে যেতিয়া ইউটিউব-য়ে টিকটক আৰু নেটফ্লিক্সৰ সৈতে চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।

চুজান জন্মলগ্নৰ পৰাই ইউটিউবৰ সৈতে আছে। ২৫ বছৰ পূৰ্বে তেওঁৰ হাত ধৰিয়েই  যাত্ৰা আৰম্ভ কৰিছিল ইউটিউবে। তেওঁ ২০১৪ চনৰ পৰা কোম্পানীটোৰ চিইঅ’ হৈ আছে। তাৰ আগতে, তেওঁ গুগলৰ বিজ্ঞাপন বিভাগৰ জ্যেষ্ঠ উপ-সভাপতি আছিল। গুগলৰ প্ৰাৰম্ভিক কৰ্মচাৰীসকলৰ মাজৰ এজন হৈছে চুজান। গুগলৰ আগতে তেওঁ চিপ নিৰ্মাতা ইণ্টেলত কাম কৰিছিল।

নতুন মুখ্য কাৰ্যবাহী বিষয়া নীল মোহন ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এজন বৈদ্যুতিক অভিযন্তা। তেওঁ ২০০৮ চনত গুগলত যোগদান কৰিছিল। ২০১৫ চনত তেওঁ মুখ্য পণ্য বিষয়া হয়। নীলে গুগলৰ আগতে মাইক্ৰছফ্টত কাম কৰিছিল।

তদুপৰি নীল মোহন বহুতো প্ৰতিষ্ঠিত সংস্থাৰ পৰিষদৰ বোৰ্ড সদস্য আছিল। ইউটিউব মিউজিক, ইউটিউব শ্বৰ্টছ, ইউটিউব টিভি আৰু ইউটিউব প্ৰিমিয়াম তেওঁৰ মস্তিষ্কৰ উদ্ভাৱন।

তেওঁ ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ তালিকাত এটা নতুন নাম। আনকেইজন হৈছে  মাইক্ৰছফ্টত সত্য নাদেলা, আডোবিত শান্তনু নাৰায়ণ আৰু গুগল এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই। ইন্দ্ৰা নুয়ি প্ৰায় ১২ বছৰ ধৰি পেপচিকোৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল। তেওঁ ২০১৮ চনত সেই পদৰ পৰা পদত্যাগ কৰে।