NORTHEAST NOW (Assamese)
অসম

বেটিং কৰিব নোৱাৰিলে; আহমেদাবাদ টেষ্টৰ মাজতে আঘাতৰ বাবে হাস্পাতালত শ্ৰেয়াছ আয়াৰ!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 12, 2023 12:10 pm

ভাৰতীয় দলত পুনৰ আঘাতৰ খৱৰ। পিঠিৰ বিষত আক্ৰান্ত শ্ৰেয়াছ আয়াৰ। তেওঁক স্কেনৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আহমেদাবাদত চতুৰ্থ দিনাৰ পুৱা ৰবীন্দ্ৰ জাদেজা আউট হোৱাত সেয়েহে শ্ৰীকৰ ভৰত বেটিং কৰিবলৈ ওলাই আহে। শ্ৰেয়াছে এই টেষ্টখনত খেলিব পাৰিব নে নোৱাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

তৃতীয় দিনা শুভমান গিল আউট হোৱাৰ পিছত জাদেজা বেটিং কৰিবলৈ ওলাই আহিছিল। সেই সময়ত ধাৰণা কৰা হৈছিল যে ভাৰতে ইচ্ছাকৃতভাৱে বাওঁহতীয়া জাদেজাক নমাইছে। কিন্তু চতুৰ্থ দিনা ৰাতিপুৱা জাদেজা আউট হোৱাৰ পিছত, উইকেটকিপাৰ ভৰতক নামি অহা দেখি সকলোৱে আচৰিত হৈছিল।

লগতে পঢ়ক: ভুৱা এনকাউন্টাৰ! অৱশেষত ৰৌতাৰ এনকাউণ্টাৰ ভুল আছিল বুলি তথ্য সদৰী আৰক্ষীৰ

সকলোৰে মনত প্ৰশ্ন উত্থাপিত হয়, গোটেই শৃংখলাটোত বেটেৰে ৰাণ সংগ্ৰহ কৰিব নোৱাৰা ভৰত হঠাতে কিয় আহিল। তেতিয়াই জনা যায় যে শ্ৰেয়াছৰ আঘাত।

শ্ৰেয়াছৰ মাৰাত্মক পিঠিৰ বিষ হৈছে। স্কেনৰ বাবে চিকিৎসালয়ত গৈছে ভাৰতীয় বেটাৰগৰাকী। এনে পৰিস্থিতিত ভাৰত অলপ সমস্যাত আছে। বিৰাট কোহলী ক্ৰীজত আছে। তেওঁৰ সংগী হৈছে অনভিজ্ঞ ভৰত। যদি এজন বেটছমেন আউট হয়, অক্ষৰ পেটেল, ৰবিচন্দ্ৰন অশ্বিন নামিব লাগিব। ভাৰতে এজন কম বেটছমেনৰ সৈতে খেলিব লাগিব পাৰে, যিটো অধিনায়ক ৰোহিত শৰ্মাৰ বাবে সকাহ নহ’ব।

লগতে পঢ়ক:ৰহস্য! ১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক? অচিনাক্ত মহিলাৰ দাবীত চাঞ্চল্য

উল্লেখ্য যে শ্ৰেয়াছে ২০২১ চনত কান্ধত আঘাত পাইছিল। সেই সময়ত তেওঁ আই পি এলৰ পৰা বাহিৰ হৈছিল। শ্ৰেয়াছৰ সেই বছৰৰ ৮ এপ্ৰিলত অস্ত্ৰোপচাৰ কৰা হৈছিল। আঘাতৰ কাৰণে তেওঁ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলতো নাছিল। পিঠিৰ আঘাতৰ বাবে শ্ৰেয়াছ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছিল। তেতিয়াৰ পৰা তেওঁ বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত আছিল।