NORTHEAST NOW (Assamese)
ক্ৰীড়া

আনষ্টপেবল নিখাত: ক্ৰমাগত দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয় নিখাত জাৰিনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2023 7:23 pm
Nikhat Zareen World Boxing Championships

অটুট আছে ভাৰতীয় বক্সিঙৰ স্বৰ্ণিল দিন। বক্সিং ৰিঙত বিজয় ধ্বজা উৰুৱাই বিশ্বৰ বুকুত উজ্বলি উঠিছে ভাৰতীয় মহিলা বক্সাৰ। চলিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শনিবাৰে দেশৰ দুগৰাকীকৈ বক্সাৰে স্বৰ্ণ জয় কৰাৰ পাছত আজি প্ৰতিযোগিতাখনত নিখাত জাৰিনে দেশক উপহাৰ দিছে তৃতীয়টো স্বৰ্ণ।

বিশ্ব চেম্পিয়নশ্বিপত নিজৰ দ্বিতীয়টো স্বৰ্ণৰ সোৱাদ লাভ কৰা জাৰিনে আজি ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলত ভিয়েটনামৰ থি থাম নুয়েনক ৫-০ ব্যৱধানত ধৰাশায়ী কৰে আৰু অক্ষুণ্ণ ৰাখে নিজ খিতাপ।

এইদৰে বিশ্ব চেম্পিয়নশ্বিপত এটাতকৈ অধিক স্বৰ্ণ পদক জয় কৰা ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ ৰূপে পৰিগণিত হয় নিখাত। জাৰিনৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল কেৱল বক্সিং কিংবদন্তী মেৰীকমেহে।

মহিলা বক্সিং জগতৰ সম্ৰাজ্ঞীস্বৰূপ মেৰীকমে নিজ কেৰিয়াৰত ৬ টাকৈ বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয়েৰে ইতিহাস ৰচনা কৰিছিল। এতিয়া মেৰীকমৰ এই পথেৰেই পথ বুলাৰ চেষ্টাত ব্ৰতী জাৰিন।

 

উল্লেখ্য যে, চলিত প্ৰতিযোগিতাখনত শনিবাৰে নিতু ঘাংঘাছে ৪৮ কিলোগ্ৰাম শাখাত আৰু ছ’ইটী ব’ৰাই ৮১ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল। নিখাত, নিতু আৰু ছ’ইটীৰ পিছত এতিয়া দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছে দেশৰ আনগৰাকী তাৰকা তথা অলিম্পিক পদক জয়ী লাভলিনাৰ ওপৰত।

কিছু সময় পিছতে ৭৫ কিলোগ্ৰাম শাখাত কেৰিয়াৰৰ প্ৰথমটো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয়ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ কেইটিন পাৰ্কাৰৰ বিপক্ষে অৱতীৰ্ণ হ’ব অসমকন্যা লাভলিনা বৰগোহাঁই।