NORTHEAST NOW (Assamese)
অসম

ইন্দোৰৰ মন্দিৰৰ দুৰ্ঘটনাত তীৰ্থযাত্ৰীৰ মৃত্যুৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি; চলি আছে উদ্ধাৰ অভিযান

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 31, 2023 12:05 pm

ইন্দোৰৰ মন্দিৰত সংঘটিত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাইছে। ইতিমধ্যে প্ৰশাসনে মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পোৱাৰ কথা জনাইছে।

বৃহস্পতিবাৰে ৰাম নৱমী উপলক্ষে মধ্যপ্ৰদেশৰ ইন্দোৰৰ বালেশ্বৰ মহাদেৱ মন্দিৰত বহু ভক্তই ভিৰ কৰে। মন্দিৰ চৌহদত থকা এটা কুঁৱাৰ চাদত বহু তীৰ্থযাত্ৰী সমবেত হয়। কুঁৱাৰ চাদখন অতি পুৰণি হোৱাৰ বাবে বোজা ৰাখিব নোৱাৰি তীৰ্থযাত্ৰীৰ সৈতে ভাঙি পৰে। বহু তীৰ্থযাত্ৰী ৫০ ফুট তললৈ কুঁৱাটোত পৰি যায়।

লগতে পঢ়ক: গুৰগাঁৱত গাড়ীৰ ভিতৰতে বন্ধুৰ ধৰ্ষণৰ বলি অসমৰ মহিলা; অভিযুক্তক আটক

শুকুৰবাৰে পুৱা এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পাইছে। ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে। এজন এতিয়াও সন্ধানহীন হৈ আছে। প্ৰাথমিক চিকিৎসাৰ অন্তত দুজন লোকক যাবলৈ দিয়া হয়। এতিয়াও উদ্ধাৰৰ কাম চলি আছে।

বৃহস্পতিবাৰে প্ৰায় ১২:৩০ বজাৰ পৰা উদ্ধাৰৰ কাম আৰম্ভ হয়। ১৪০ জনীয়া এটা দলে উদ্ধাৰ কাম আৰম্ভ কৰে। লগতে ৭৫ জন সেনা জোৱান আছে।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৃতকৰ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে।

লগতে পঢ়ক: গণিতত ৫১, সমাজ বিজ্ঞানত ৮১! IPL-ৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল কোহলীৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।