NORTHEAST NOW (Assamese)
অসম

অশনি সংকেত! থাইলেণ্ডত ভয়াবহ বায়ু প্ৰদূষণ; চিকিৎসালয়ত লাখ লাখ লোক চিকিৎসাধীন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2023 2:16 pm

দক্ষিণ-পূব এছিয়াৰ এখন দেশ থাইলেণ্ড ভয়াবহ বায়ু প্ৰদূষণৰ কবলত বিপৰ্যস্ত হৈ পৰিছে। দেশখনত প্ৰদূষণৰ মাত্ৰা এনে এক স্তৰত উপনীত হৈছে যে ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰায় ২৪ লাখ লোক প্ৰদূষণ সম্পৰ্কীয় ৰোগ আৰু শাৰীৰিক সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছে।

ইয়াৰে চলিত সপ্তাহত ১ লাখ ৮৪ হাজাৰ ৪৬৫ জন লোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। থাইলেণ্ডৰ জনস্বাস্থ্য বিভাগৰ স্থায়ী সচিব ডাঃ অপাছ কৰ্নকাওইনপনে এই তথ্য নিশ্চিত কৰিছে।

লগতে পঢ়ক: উৎক্ষেপণৰ পিছতে অঘটন! হুৰমূৰাই ভাঙি পৰিল মাস্কৰ প্ৰথমখন মহাকাশযান

যোৱা কেইমাহমানত বায়ু প্ৰদূষণৰ বাবে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অহা প্ৰায় সকলো ৰোগীৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা, ছালৰ ৰোগ, চকু জ্বলাপোৰা, ডিঙিৰ বিষ আদি শাৰীৰিক সমস্যা দেখা গৈছে বুলি ডা. অপাছ কনকাওইনপনে জানিবলৈ দিয়ে।

থাইলেণ্ডৰ স্বাস্থ্য বিষয়াসকলে বায়ু প্ৰদূষণৰ পৰা স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰিবলৈ উচ্চমানৰ এন ৯৫ মাস্ক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। ঘৰৰ খিৰিকী বন্ধ ৰখাৰ উপৰিও ঘৰৰ বাহিৰত যিমান পাৰি কম সময় কটাবলৈও আহ্বান জনাইছে।