NORTHEAST NOW (Assamese)
Popular Stories

চিনেমা ফ্লপ! হোটেলৰ ব্যৱসায়ত লাগিল ছলমান খান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 24, 2023 9:28 am

বলীউড জগতৰ ছুপাৰষ্টাৰ। প্ৰায় তিনি দশক ধৰি হিন্দী ছবিত অভিনয় কৰি আহিছে। অৱশ্যে ছলমান খানৰ কেইবাখনো ছবিয়ে ফ্লপৰ তালিকাত স্থান পাইছে।

ছলমানৰ শেহতীয়াকৈ মুক্তি পোৱা ‘কিছি কা ভাই কিছি কা জান’ ছবিখনে বক্স অফিচত বিশেষ ভাল প্ৰদৰ্শন নকৰিলে। যাৰ বাবে সমালোচনা বা চৰ্চাৰ সন্মুখীন হৈছে অভিনেতা গৰাকী।

এই সকলোবোৰৰ মাজতে ছলমান খানে এখন হোটেল খুলিবলৈ ওলাইছে।

প্ৰায় ১৯ মহলীয়া এখন বিলাসী হোটেল নিৰ্মাণ কৰি আছে ছলমানে। কোটি কোটি টকাৰ গৰাকী হোৱাৰ পিছতো অভিনেতাগৰাকীয়ে এতিয়াও পিতৃ-মাতৃৰ সৈতে গেলাক্সি এপাৰ্টমেণ্টৰ এটা সৰু কোঠাত থাকে। 

অৱশ্যে তেওঁ কেতিয়াবা অকলে সময় কটাবলৈ পানভিলৰ ফাৰ্ম হাউচলৈ যায়। এই ফাৰ্ম হাউচটো কেইবা বিঘা মাটিত বিস্তৃত।

বহু সম্পত্তিৰ মালিক ছলমান খান। এইবাৰ মুম্বাইৰ বিলাসী হোটেলবোৰৰ তালিকাত বান্দ্ৰাৰ কাৰ্টাৰ ৰোডত থকা ছলমানৰ হোটেলখনো যোগ হ’বলৈ গৈ আছে। 

সূত্ৰ অনুসৰি বিএমচিয়ে ইতিমধ্যে হোটেলখনৰ ব্লুপ্ৰিণ্ট ছীল কৰিছে। এটা সময়ত এই মাটিখিনি ষ্টাৰলেট সমবায় গৃহ নিৰ্মাণ সমিতিৰ আছিল। অৱশ্যে কেইবাবছৰ পূৰ্বে খান পৰিয়ালে সেয়া ক্ৰয় কৰিছিল।

প্ৰথমে খান পৰিয়ালে ইয়াত এটা বাসগৃহ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু এতিয়া সেই পৰিকল্পনা সলনি হৈছে। এতিয়া সেই ঠাইত বিলাসী হোটেল নিৰ্মাণ কৰিব চুপাৰষ্টাৰ চলমান খানে।