NORTHEAST NOW (Assamese)
অসম

আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2023 8:58 am

আজি পুৱাই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ৪.৪ প্ৰাবল্যৰ এই ভূমিকম্পই ৰাজ্যখনক জোকাৰি যায়। পুৱা ৮ বাজি ৩ মিনিট ৩৫ ছেকেণ্ডত এই ভূমিকম্পৰ জোকাৰণি অনুভুত হয়।

অৱশ্যে ভূমিকম্পৰ ফলত হোৱা কোনোধৰণৰ আঘাত বা ক্ষয়-ক্ষতিৰ তাৎক্ষণিক খবৰ এইপৰ্যন্ত পোৱা হোৱা নাই।

প্ৰাথমিক তথ্য অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য ৪.৪ মেগনিটিউড বুলি কোৱা হৈছে।

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

ভূমিকম্পটোৰ গভীৰতা ভূগৰ্ভৰ ১৫ কিলোমিটাৰ তলত বুলি জানিব পৰা গৈছে।

আনহাতে, ভূমিকম্পটোৰ উৎপত্তিস্থল শোণিতপুৰত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দেওবাৰেও ৰিখটাৰ স্কেলত ৪.৭ প্ৰাবল্যৰ এক ভূমিকম্পই ৰাজ্যখনক জোকাৰি গৈছিল

কেই ছেকেণ্ডৰ বাবে কঁপনি অনুভূত হোৱা এই ভূমিকম্প প্ৰায় বিয়লি ২.৫৮ বজাত সংঘটিত হৈছিল। ইয়াৰ উৎপত্তিস্থল আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ত। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল মেঘালয়ৰ মাইৰাঙৰ কাষৰীয়া অঞ্চলত।

লগতে পঢ়ক: ৰাজপথত সন্মান লুটিলে সতীৰ্থৰ! ক্ষোভত তাৎক্ষণিক প্ৰতিক্ৰিয়া অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ

চিলেটকে ধৰি চুবুৰীয়া বাংলাদেশৰ কিছু অংশতো কম্পন অনুভূত হৈছিল বুলি জানিব পৰা গৈছিল।