NORTHEAST NOW (Assamese)
অসম

বিজনী আৰু সৰভোগ ষ্টেচনৰ মাজত দ্বৈত ৰে’ল পথৰ কাম সম্পন্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 16, 2023 7:35 am

এন.এফ.চাৰ্কোলৰ ৰে’লৱে সুৰক্ষা আয়ুক্ত শুভময় মিত্ৰই মঙলবাৰে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া মণ্ডলৰ অন্তৰ্গত বিজনী আৰু সৰভোগ ষ্টেচনৰ মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’ল পথৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰে।

নতুনকৈ স্থাপন কৰা এই দ্বিতীয় ৰে’লপথটো প্ৰতি ঘণ্টাত সৰ্বাধিক প্ৰায় ৯০ কিলোমিটাৰ গতিবেগেৰে মালবস্তু আৰু যাত্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হ’ব।

বিজনী-সৰভোগ খণ্ডৰ কাম ৰঙিয়া হৈ নিউ বঙাইগাঁও –আগিয়াঠুৰি ১৪২.৯৭ কিলোমিটাৰ দ্বৈত ৰে’লপথ প্ৰকল্পৰ অংশ নিৰ্মাণাধীন অৱস্থাত আছে। প্ৰকল্পটোত ৭৫ খন বৃহৎ সেতু, ৩৮ খন সৰু সেতু আৰু ১৯ টা নতুন ষ্টেচন ভৱনৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: ‘কুকি উগ্ৰপন্থীৰে সম্পৰ্ক’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে NSAৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধীৰ

বিজনীৰ পৰা সৰভোগৰ মাজৰ সম্প্ৰসাৰণ হৈছে ১৮.৯৯ কিলোমিটাৰ। এই খণ্ডটোত ১০ খন বৃহৎ সেতুৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে। ৰে’লৱে সুৰক্ষা আয়ুক্ত এন.এফ. চাৰ্কোলৰ দ্বাৰা প্ৰতি ঘণ্টাত প্ৰায় ১৩৫কিলোমিটাৰ গতিবেগেৰে ট্ৰায়েল সম্পন্ন কৰা হয়।

অত্যাধুনিক প্ৰযুক্তি যেনে, সমস্ত ৱাইড বেচপ্ৰি-ষ্ট্ৰেচড কংক্ৰিট (পিএছচি) শ্লীপাৰ আৰু থিক ৱেব চুইচৰ ব্যৱহাৰেৰে শক্তিশালী ট্ৰেকৰ ষ্ট্ৰাকচাৰ যি হৈছে প্ৰি-ষ্ট্ৰেচড কংক্ৰিট শ্লীপাৰত নতুন ডিজাইনৰ অধিক মজবুত চুইচ আৰু এই ডাবল লাইন টেৰিটৰিৰ বাবে উচ্চ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হব।

উল্লেখ্য যে দ্বৈত ৰে’লপথ স্থাপনৰ সৈতে ষ্টেচনমূহত ষ্টপ-অভাৰ ক্ৰছিং অবিহনেই উভয় দিশত ৰে’ল চলাচল কৰিব পৰা যাব যি ৰে’লৰ সময়ানুৱৰ্তীতা বৃদ্ধি কৰিব। তদুপৰি, যাঁনজট হ্ৰাস হোৱাৰ ফলত বৰ্ধিত গতিবেগেৰে অধিক ৰে’ল চলাব পৰা যাব।

লগতে পঢ়ক: এইবোৰ দিশত নাৰী পুৰুষতকৈ বহু আগত! আচাৰ্য চাণক্যই কি কৈছে জানি লওক

ইয়াৰ পূৰ্বে পাঠশালাৰ পৰা নলবাৰীৰ মাজত ২৬.৯১কিলোমিটাৰ খণ্ডটো ২৪মে, ২০২৩ তাৰিখে কমিছনিং কৰা হৈছে। এই সমগ্ৰ খণ্ডটো সম্পূৰ্ণ হোৱাৰ পিছত উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’ল যোগাযোগ তাৎপর্যপূর্ণভাবে বৃদ্ধি পাব।