• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘কুকি উগ্ৰপন্থীৰে সম্পৰ্ক’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে NSAৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2023 8:36 pm
গুৱাহাটীত বৃহস্পতিবাৰে কংগ্ৰেছ, চিপিআই-এম, অজাপ, তৃণমূল কংগ্ৰেছ আৰু আন আঠোটা দলে যৌথ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

গুৱাহাটীত বৃহস্পতিবাৰে কংগ্ৰেছ, চিপিআই-এম, অজাপ, তৃণমূল কংগ্ৰেছ আৰু আন আঠোটা দলে যৌথ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিৰোধী দলসমূহে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰি আক্ৰমণ তীব্ৰ কৰি তোলে।

মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্কৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (NSA) অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসমৰ বিৰোধী দলসমূহে।

এই বিষয়টোক লৈ বৃহস্পতিবাৰে গুৱাহাটীত কংগ্ৰেছ, চিপিআই-এম, অজাপ, টিএমচি আৰু আন আঠটা বিৰোধী দলে যৌথ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

Apply Now

প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাই কয়, ‘’মণিপুৰৰ কুকি উগ্ৰপন্থীক গোপনে সাক্ষাৎ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি এন এছ এৰ অধীনত অভিযোগ উত্থাপন কৰিবলৈ আমি বিৰোধী দলসমূহে দাবী জনাইছো।‘’

লগতে পঢ়ক: কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক: ডি ৱাই এফ আই

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বিজেপিৰ জয় নিশ্চিত কৰিবলৈ মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে মুখ্যমন্ত্ৰী শৰ্মাই চুক্তিত উপনীত হোৱা বুলি দাবী কৰা বাতৰিক লৈ উদ্বেগ প্ৰকাশ কৰে।

ইপিনে, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক থকাৰ অভিযোগত কেন্দ্ৰত বিজেপি চৰকাৰৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

“যদি সকলো সময়তে বিৰোধী নেতাৰ বিৰুদ্ধে চিবিআই, ইডিৰ দৰে কেন্দ্ৰীয় সংস্থাক চৰকাৰে ব্যৱহাৰ কৰিব পাৰে, তেনেহ’লে মণিপুৰ নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কুকি উগ্ৰপন্থীৰ সৈতে জড়িত হোৱাৰ অভিযোগত চৰকাৰ মৌন কিয়?” ৰিপুণ বৰাই প্ৰশ্ন কৰে।

বৰাই লগতে কয়, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়া, এই অভিযোগৰ বিৰুদ্ধে এন আই এৰ তদন্ত হ’বনে? এন এছ এৰ অধীনত হিমন্ত বিশ্ব শৰ্মাক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই?”

লগতে পঢ়ক: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সমীপত উদ্ধাৰ মহিলাৰ মুণ্ডহীন মৃতদেহ

অসম তৃণমূলৰ মুৰব্বীগৰাকীয়ে লগতে উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ আহ্বায়ক পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ দাবী জনায়।

ৰিপুণ বৰাই কয়,  ‘’হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক। যদি নেডাৰ আহ্বায়কজনৰ নিজেই উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছে, তেন্তে তেওঁ স্পষ্টভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সন্ত্ৰাসবাদীক কাৰ্য্যকলাপ চলাবলৈ উৎসাহিত কৰিছে।”

তদুপৰি, বৰাই কয়, “তেওঁ অনতিপলমে নেডাৰ আহ্বায়ক পদৰ পৰা পদত্যাগ কৰক আৰু উত্তৰ-পূবৰ জনসাধাৰণ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহেও হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰক।”

উল্লেখ্য যে ২০১৭ চনৰ মণিপুৰৰ নিৰ্বাচনত জয়ী হ’বলৈ কুকি উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি লিবাৰেশ্বন ফ্ৰন্ট (ইউকেএলএফ) আৰু ইউনাইটেড পিপ’লচ ফ্ৰন্ট (ইউপিএফ)ৰ পৰা বিজেপি দলে সহায় লোৱা বুলি ইউ কে এল এফৰ নেতা এছ এছ হাওকিপে স্বীকাৰ কৰিছে।

লগতে পঢ়ক: স্তব্ধ ধিং এক্সপ্ৰেছ! আঘাতৰ বাবে এইবাৰ এছিয়ান গেমছত খেলিব নোৱাৰিব যোৱাবাৰৰ স্বৰ্ণজয়ী হিমাই

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱে এই বিষয়ে কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে এক চুক্তি কৰাৰ কথা উল্লেখ কৰিছে। উগ্ৰপন্থী নেতা জনে ২০১৯ চনত এই চুক্তিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।

গৃহমন্ত্ৰী শ্বাহলৈ প্ৰেৰণ কৰা এই পত্ৰখনকেই উগ্ৰপন্থী নেতা এছ এছ হাওকিপে যোৱা ৮ জুন, ২০২৩ তাৰিখে এন আই এৰ আদালতত দাখিল কৰাৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। পত্ৰখনত এই কথাও কোৱা হয় যে উগ্ৰপন্থী সংগঠনৰ সহায়ত বিজেপ দলৰ প্ৰাৰ্থী জয়ী হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd