NORTHEAST NOW (Assamese)
দেশ

যোগী ৰাজ্যত ভয়াৱহ কাণ্ড: চোৰৰ সন্দেহত মুছলমান শ্ৰমিকক গছত বান্ধি মাৰপিট, ‘জয় শ্ৰীৰাম’ শ্ল’গান দিবলৈ কৰা হ’ল বাধ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2023 5:56 pm
Muslim Man beaten in UP

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। ৰাজ্যখনৰ বুলন্দশ্বহৰ জিলাত এক চুৰি কাণ্ডত জড়িত থকাৰ সন্দেহত এগৰাকী মুছলমান শ্ৰমিকক গছত বান্ধি মাৰপিট কৰাৰ লগতে শ্ৰমিকগৰাকীৰ মূৰৰ চুলি খুৰাই দি জয় শ্ৰীৰাম শ্ল’গান দিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন হৈছে।

আশ্চৰ্যকৰভাৱে এই ঘটনাৰ পিছতে শ্ৰমিকগৰাকীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে চাহিল নামৰ এই শ্ৰমিকগৰাকীৰ পিতৃয়ে। তেওঁ লগতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক চাহিলক আক্ৰমণ কৰা অভিযুক্তসকলৰ সৈতে আপোচ কৰিবলৈ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে।

লক্ষণীয়ভাৱে চাহিলক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত তিনিগৰাকী ব্যক্তিৰ মাজৰে এগৰাকীয়ে এই সমগ্ৰ ঘটনা মোবাইল কেমেৰাত ভিডিঅ’ কৰি ৰাখিছিল। সম্প্ৰতি ভাইৰেল হৈ পৰা এই ভিডিঅ’ই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে ৰাজনৈতিক ধুমুহাৰো সৃষ্টি কৰিছে এই কাণ্ডই।

হায়দৰাবাদৰ সাংসদ তথা সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM)ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি উত্তৰ প্ৰদেশ আৰক্ষীৰ ওপৰত কঠোৰ আক্ৰমণ চলায়। এক টুইট যোগে ওৱেইছিয়ে উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে চাহিলক জেললৈ প্ৰেৰণ কৰাৰ অভিযোগ তুলিছে।

ইফালে জিলাখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই ভাইৰেল ভিডিঅ’টোৰ ভিত্তিত তথা আক্ৰমণৰ বলি হোৱা চাহিলৰ পৰিয়ালৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত কাকোড থানাত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে আৰু দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।

চাহিলৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে চাহিলে কামৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ঘৰলৈ গৈ থকা অৱস্থাতে পথতে অভিযুক্ত লোকসকলে তেওঁক আগচি ধৰে আৰু গছত বান্ধি প্ৰহাৰ কৰে। আনহাতে অভিযুক্তৰ সৈতে আপোচ নকৰিলে তেওঁলোক সেই স্থানত থাকিব নোৱাৰিব বুলি আৰক্ষীয়ে ভাবুকি দিছে বুলিও তেওঁ অভিযোগ কৰে।