NORTHEAST NOW (Assamese)
Popular Stories

ল’ৰা ধেমালি নহয়! পিতৃৰ অটোমেটিক পিষ্টল উলিয়াই গুলী চলাই দিলে ২ বছৰীয়া শিশুৱে; গৰ্ভৱতী মাতৃৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী June 25, 2023 10:40 am

মৰ্মান্তিক ঘটনা! বয়স মাত্ৰ ২ বছৰ। পিতৃৰ বন্দুক উলিয়াই মাতৃক লক্ষ্য কৰি গুলীয়াই দিলে শিশুটিয়ে। পুত্ৰৰ গুলীতে প্ৰাণ হেৰুৱালে ৮ মাহৰ গৰ্ভৱতী মাতৃয়ে। আমেৰিকাৰ অহিঅ’ত সংঘটিত হৈছে এই ঘটনা। শিশুটোৱে কেনেকৈ পিতৃৰ বন্দুকটো বিচাৰি পাইছিল সেয়া স্পষ্ট হোৱা নাই।

শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত ৯১১ নম্বৰত ফোন আহিছিল আৰক্ষীলৈ। ফোনটোৰ আনটো মূৰত ল’ৰা ইল’গ নামৰ এগৰাকী মহিলাই কয় যে তেওঁৰ ২ বছৰীয়া পুত্ৰই তেওঁক গুলী কৰিছে। পিঠিত গুলী লাগিছে।

সেই ফোন কলৰ পিছত ইল’গৰ স্বামী এলেকে আৰক্ষীক ফোন কৰে। তেওঁ আৰক্ষীক কয় যে পত্নী ইল’গই তেওঁক আৰক্ষীক ফোন কৰিবলৈ কৈছে। শিশু পুত্ৰৰ বিষয়ে কিবা এটা কৈছে। আপোনালোকে খৰধৰকৈ যাওক।

সেই ফোন পোৱাৰ পিছতে আৰক্ষী নৰ্ৱাকত থকা মহিলাগৰাকীৰ ঘৰত উপস্থিত হয়। চাই দেখে যে মহিলাগৰাকীৰ চেতনা আছে। তেওঁৰ হাতত এটা ছেমি অটোমেটিক পিষ্টল আছে, কাষত ২ বছৰীয়া পুত্ৰ।

ইল’গই গোটেই ঘটনাটো আৰক্ষীক কয়। আৰক্ষীয়ে লগে লগে ইল’গক স্থানীয় ফিচাৰ টাইটাছ মেডিকেল চেণ্টাৰলৈ লৈ যায়। লগে লগে ইল’গৰ কেঁচুৱাটো চিজাৰিয়ান কৰি উলিয়াই অনা হয়। কিন্তু গৰ্ভতেই তাৰ মৃত্যু হৈছিল। আনহাতে, অপাৰেচনৰ ৩ ঘণ্টাৰ পিছত ইল’গৰ মৃত্যু হয়।

আৰক্ষীৰ মতে অটোমেটিক পিষ্টলটো পিতৃৰ শোৱা কোঠাৰ ড্ৰয়াৰত লুকুৱাই ৰখা হৈছিল। শিশুটিয়ে কেনেবাকৈ তাৰ পৰা উলিয়াই আনিছিল। আৰক্ষীয়ে ঘৰটোত তালাচী চলাই আৰু দুটা গুলী ভৰ্তি বন্দুক উদ্ধাৰ কৰে।