NORTHEAST NOW (Assamese)
দেশ

২৪ জুলাইত ৰাজ্যসভাৰ ১০ আসনৰ নিৰ্বাচন: ঘোষণা নিৰ্বাচন আয়োগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2023 10:16 pm
Rajya Sabha election

অহা ২৪ জুলাইত ৰাজ্যসভাৰ ১০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। আজি এই নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। দেশৰ তিনি ৰাজ্য ক্ৰমে- বংগ, গুজৰাট আৰু গোৱাৰ ১০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন।

এই ১০ আসনৰে বংগত সৰ্বাধিক ৬ খনআসন আছে। আনহাতে গুজৰাটত তিনিখন আসন আৰু গোৱাত এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। আয়োগে লগতে একেদিনাই ভোটগণনা কৰা হ’ব বুলি সদৰী কৰিছে।

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ১৩ জুলাইৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। আনহাতে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ১৭ জুলাই।

উল্লেখ্য যে, ইতিমধ্যে বংগৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰাইন, ড’লা সেন, প্ৰদীপ ভট্টাচাৰ্য, সুস্মিতা দেৱ, শান্তা ছেত্ৰী আৰু সুখেন্দু শেখৰ ৰায়ৰ কাৰ্যকাল সমাপ্ত হ’ব ১৮ আগষ্টত।

আনহাতে গুজৰাটতো ৰাজ্যসভাৰ সাংসদত্ৰয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, দীনেশ জেমালভাই অনাৱদিয়া আৰু লখণ্ডৱালা যুগল সিং মথুৰজীৰ কাৰ্যকালো ১৮ আগষ্টত অন্ত পৰিব।

সেইদৰে গোৱাৰ ৰাজ্যসভাৰ সাংসদ বিজেপিৰ জ্যেষ্ঠ নেতা বিনয় তেণ্ডুলকাৰৰ কাৰ্যকাল সমাপ্ত হ’ব অহা ২৮ জুলাইত।

পশ্চিম বংগৰ এখন ৰাজ্যসভাৰ আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথাও ঘোষণা আয়োগে ঘোষণা কৰে। গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লুইজিনহো ফালেইৰ’ৰ পদত্যাগৰ বাবে খালী হৈ আছে এই আসন।