NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ গৰম হ’ব সদন : বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব গ্ৰীষ্মকালীন অধিৱেশন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2023 6:22 pm

বৃহস্পতি বাৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ গ্ৰীষ্মকালীন অধিৱেশন ইয়াৰ পূৰ্বে বুধবাৰে চৰকাৰে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰে।

আচলতে যিকোনো অধিৱেশন আৰম্ভ হোৱাৰ আগতে এনে এখন বৈঠক আহ্বান কৰাটো ৰাজ্যসভাৰ এক পৰম্পৰা। মূলতঃ সকলো দলকে একত্ৰিত কৰি বিভিন্ন বিষয়ত তেওঁলোকৰ মতামত ল’বলৈ এই বৈঠক আয়োজন কৰা হয়।

সংবাদ সংস্থা পিটিআইৰ মতে, মূলতঃ পৰৱৰ্তী গ্ৰীষ্মকালীন অধিৱেশনত আলোচনা কৰিব পৰা বিষয়সমূহৰ ওপৰত এই বৈঠকত আলোচনা কৰা হয়। 

এই বৈঠকত শাসকীয় দলৰ কেইবাজনো মন্ত্রীয়ে অংশগ্রহণ কৰে৷ ইফালে, পৰৱৰ্তী অধিৱেশনত মণিপুৰ বিষয়ক লৈ আলোচনা কৰিবলৈ সাজু বুলি চৰকাৰে অৱগত কৰিছে। 

আনহাতে, মঙলবাৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে এনে সৰ্বদলীয় বৈঠক আহ্বান কৰে। কিন্তু কেইবাটাও ৰাজনৈতিক দলৰ নেতাই আন ঠাইত ব্যস্ত বুলি কয়। সেয়ে এই বৈঠক শেষত অনুষ্ঠিত কৰিব পৰা নগ’ল। কাৰণ বেংগালুৰুৰ বৈঠকত মূলতঃ বিৰোধী নেতাসকল উপস্থিত আছিল। আকৌ শাসকীয় এন ডি এ মিত্ৰজোঁটৰ নেতাসকল পুনৰ দিল্লীত অনুষ্ঠিত হোৱা এনডিএৰ বৈঠকত ব্যস্ত হৈ আছিল । 

অনুমান কৰা হৈছে যে আগন্তুক অধিৱেশনত বিৰোধীয়ে মণিপুৰ সংকট, তাত থকা হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ব পাৰে। আনহাতে, দিল্লীত ক্ষমতা ভাগ-বতৰাৰ কথাও এই অধিৱেশনত আলোচনা হ’ব পাৰে। তাৰ লগতে ইডি, চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাৰ সহায়ত বিৰোধীক হাৰাশাস্তি কৰাটোৱেও অধিবেশনত স্থান লাভ কৰাৰ আশংকা আছে।