NORTHEAST NOW (Assamese)
অসম

গাৰ নোম শিয়ৰি উঠা কাণ্ড! স্বামীক হত্যাৰ পিছত দেহ পাঁচ টুকুৰা কৰি পুখুৰীত পেলাই দিলে পত্নীয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 28, 2023 3:03 pm

পত্নীয়ে স্বামীক কুঠাৰেৰে হত্যা কৰি মৃতদেহ পাঁচ টুকুৰাকৈ কাটি পেলায়। তাৰ পাছত শৰীৰৰ কটা অংশবোৰ পুখুৰীৰ পানীত পেলাই দিয়ে। উত্তৰ প্ৰদেশৰ পিলিভিট অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি মৃত লোকজনৰ নাম ৰাম পাল (৫৫)। তেওঁ পিলিভিট অঞ্চলৰ শিৱনগৰ অঞ্চলৰ বাসিন্দা। কেইবাদিনো নিৰুদ্দেশ হৈ আছিল ৰাম পাল। তেওঁৰ পুত্ৰ সোন পালে থানাত এখন নিৰুদ্দেশৰ ডায়েৰী দাখিল কৰে।

লগতে পঢ়ক: চাইবাৰ অপৰাধ! ইউটিউব লাইক কৰি ৭০০ কোটিৰো অধিক টকা হেৰুৱালে ১৫ হাজাৰৰো অধিক ভাৰতীয়ই

দুলাৰো দেৱী নামৰ অভিযুক্ত মহিলাগৰাকীয়ে কেইবাদিনো ৰামৰ বন্ধুৰ সৈতে আছিল। তাৰ পাছত গাঁৱলৈ উভতি আহি পুতেকক ৰাম নিৰুদ্দেশ হোৱা বুলি কয় । ইয়াৰ পিছত পুত্ৰই থানাৰ কাষ চাপিল।

তদন্তত ৰামৰ পত্নীৰ আচৰণ আৰক্ষীৰ সন্দেহজনক যেন লাগে। সেয়ে, তদন্তকাৰী আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা কৰে। অৱশেষত জেৰাৰ সময়ত ভাঙি পৰে ৰামৰ পত্নী। তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

আৰক্ষীৰ মতে, যোৱা দেওবাৰে ৰাম শুই থকা অৱস্থাত দুলাৰো দেৱীয়ে বিচনাত বান্ধি কুঠাৰেৰে কাটি হত্যা কৰিছিল। পিছত মৃতদেহটো পুখুৰীৰ পানীত পেলাই দিয়া হয়।

লগতে পঢ়ক: ভুল কৰি অভিনেতাক সজালে মুখ্যমন্ত্ৰী! কটাক্ষৰ সন্মুখীন অভিনেত্ৰী উৰ্বশী

ৰামৰ মৃতদেহ উদ্ধাৰৰ বাবে ডুবাৰুৰ সহায় বিচৰা হৈছে। এতিয়ালৈকে তেওঁৰ শৰীৰৰ অংগসমূহ উদ্ধাৰ হোৱা নাই। অৱশ্যে পুখুৰীটোৰ পৰা উদ্ধাৰ হয় তেজৰ দাগ লগা কাপোৰ।