NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আইছিছৰ নৰসংহাৰ: সেনাৰ বাছত আক্ৰমণ চলাই ৩৩ সেনাক হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 13, 2023 6:19 pm
Islamic State

পুনৰ বৃদ্ধি পাইছে কট্টৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ ভয়াৱহ কাৰ্যকলাপ। নৃশংস হত্যালীলাৰে বিশ্বক কঁপাই তোলা সন্ত্ৰাসবাদী গোটটোৱে শেহতীয়াকৈ পূব ছিৰিয়াত সামৰিক বাছত ভয়াৱহ আক্ৰমণ চলাই ৩৩ গৰাকী সেনাক হত্যা কৰিছে।

ব্ৰিটেইনস্থিত ছিৰিয়ান মানৱ অধিকাৰ নিৰীক্ষণ কেন্দ্ৰই সদৰী কৰা মতে, সন্ত্ৰাসবাদী সংগঠনটোৱে ডেইৰ আল-জৌৰ প্ৰদেশত এখন সামৰিক বাছ ঘেৰাও কৰি নৃশংসভাৱে গুলীচালনা কৰে।

এই আক্ৰমণত ৩৩ গৰাকী জোৱান নিহত হোৱাৰ লগতে আন ১০ জনতকৈ অধিক জোৱান আহত হয়। ইফালে আক্ৰমণৰ পাছত বহু জোৱান বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

এই আক্ৰমণক সন্ত্ৰাসবাদী গোটটোৱে চলিত বৰ্ষত সংঘটিত কৰা আটাইতকৈ মাৰাত্মক আক্ৰমণ বুলি অভিহিত কৰা হৈছে। ইফালে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি ভৱিষ্যতেও এনে আক্ৰমণ চলোৱাৰ ভাবুকি প্ৰদান কৰিছে আইছিছে।

নিজা বাতৰি কাকত আমাকৰ জৰিয়তে আইছিছে উল্লেখ কৰা মতে, গোটৰ সদস্যসকলে দুখন সামৰিক বাছত এম্বুছ চলায় আৰু অত্যাধুনিক মাৰণাস্ত্ৰ আৰু ৰকেট চালিত গ্ৰেনেডেৰে এখন বাছত আক্ৰমণ চলায়।