NORTHEAST NOW (Assamese)
দেশ

বিজেপি মন্ত্ৰীৰ কনভয়ত ‘গোমাতা’ৰ বাধা! ৯০ কৃষকৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2023 6:46 pm
Cattle block UP Minister's Convoy

গোমাতাই বিঘিনি ঘটাইছে বিজেপি মন্ত্ৰীক। ঘটিছেও যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত! মন্ত্ৰীৰ কনভয়ৰ সমুখত হঠাতে এজাক অঘৰী গৰুৰ উপস্থিতিৰ ফলশ্ৰুতিত ৰ’বলগা হ’ল কনভয় আৰু তাৰ পিছতে ৯০ গৰাকী স্থানীয় লোকৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ।

গোমাতাৰ এই অৱৰোধৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশৰ পশুপালন মন্ত্ৰী ধৰ্মপাল সিং। তেওঁৰ বিধান সভা সমষ্টি আওনলাৰ ছিৰাউলি অঞ্চলত এক পশু পলিক্লিনিকৰ ‘ভূমি পূজন’ৰ বাবে যাত্ৰা কৰিছিল মন্ত্ৰীগৰাকীয়ে।

হঠাতে তেওঁৰ কনভয় এজাক অঘৰী গৰুৱে অৱৰোধ কৰে। প্ৰকৃততে উত্তৰ প্ৰদেশত অঘৰী গৰুৱে জটিল সমস্যাৰ সৃষ্টি কৰাৰ বাবে এই সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ স্থানীয় লোকসকলে এই পন্থা অৱলম্বন কৰিছিল।

ইয়াৰ ফলত প্ৰায় ৪০ মিনিট সময় পথৰ মাজতে আবদ্ধ হৈ পৰে মন্ত্ৰীগৰাকীৰ কনভয়। এনে প্ৰতিবাদৰ সন্মুখীন হৈ মন্ত্ৰী সিঙে অঞ্চলটোত অতি সোনকালে গৰু আশ্ৰয় শিবিৰ স্থাপন কৰা হ’ব বুলি গাঁওবাসীক আশ্বাস দিয়ে।

ইফালে মন্ত্ৰীৰ কনভয় অৱৰোধৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৯০ গৰাকী অচিনাক্ত লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে। আই পি চি ধাৰা ৩৪১ৰ অধীনত এই এফআইআৰ ৰুজু কৰা হৈছে।