NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত সম্ভৱ! দ্ৰুতবেগত গাড়ী চলাই জৰিমনা ভৰিলে কানাডাৰ বিত্তমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2023 3:04 pm

কানাডাৰ বিত্তমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডক গাড়ীৰ গতি সীমা অতিক্ৰম কৰাৰ বাবে জৰিমনা বিহা হৈছে। তেওঁৰ বিৰুদ্ধে ঘণ্টাত ১৩২ কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ অভিযোগ উঠিছে। ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে নিজৰ প্ৰদেশতে এই শাস্তিৰ সন্মুখীন হৈছে।

মঙলবাৰে এগৰাকী মুখপাত্ৰই জনোৱা মতে, কানাডাৰ বিত্তমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডক তেওঁৰ গৃহ প্ৰদেশ আলবাৰ্টাত ২৭৩ কানাডিয়ান ডলাৰ জৰিমনা বিহা হৈছে। এই জৰিমনা ভাৰতীয় মুদ্ৰাত ১৬ হাজাৰ টকাৰো অধিক।

লগতে পঢ়ক: মিজোৰামত নির্মাণৰত ৰে’ল দলং ভাঙি ভয়ংকৰ বিপৰ্যয়; কমেও ১৭ জন লোকৰ মৃত্যু

বিত্তমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডৰ অৱশ্যে নিজৰ কোনো গাড়ী নাই। বিত্তমন্ত্ৰী ফ্ৰীলেণ্ডে গ্ৰেণ্ড প্ৰেৰি আৰু পিছ ৰিভাৰ চহৰৰ মাজত ১৩২ কিলোমিটাৰ প্ৰতি ঘণ্টাত গাড়ী চলাই থকা অৱস্থাত ধৰা পৰে আৰু পিছত জৰিমনা বিহা হয় বুলি তেওঁৰ মুখপাত্ৰ কেথেৰিন কেপলিনস্কাছে জনায়।

পিছত ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে জৰিমনা ভৰিবলগীয়া ধন সম্পূৰ্ণৰূপে পৰিশোধ কৰে বুলি মুখপাত্ৰ কেথেৰিনে জনায়।

অৱশ্যে কেপলিনস্কাছে এই কাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু পথটোত সৰ্বোচ্চ গতি সীমা কিমান আছিল সেই কথা কোৱা নাই। অৱশ্যে কানাডাৰ আলবাৰ্টা প্ৰদেশৰ ঘাইপথত ঘণ্টাত সৰ্বোচ্চ গতি সীমা ১১০ কিলোমিটাৰ।

লগতে পঢ়ক: মৃত্যুৰ খবৰ মিছা, জীয়াই আছে হিথ ষ্ট্ৰিক! নিজৰ মৃত্যুৰ ভুৱা খবৰত হতাশ ষ্ট্ৰিক

কানাডাৰ সৰ্ববৃহৎ চহৰ টৰন্টোৰ সংসদীয় আসন এখনক প্ৰতিনিধিত্ব কৰা বিত্তমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে প্ৰায়ে তেওঁৰ বাইকৰ সৈতে ছবি তোলা দেখা যায়।