NORTHEAST NOW (Assamese)
অসম

নির্মীয়মান অট্টালিকাৰ ৪০ নং মহলাৰ পৰা ভাঙি পৰিল লিফ্ট; মহাৰাষ্ট্ৰত ৭ জন শ্ৰমিকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 11, 2023 11:46 am

মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। অট্টালিকাৰ লিফ্ট ভাঙি যোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে ৭ জন শ্ৰমিকে। আহত হৈছে এজন।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। বলকুম অঞ্চলৰ ৰুণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া অট্টালিকাত সংঘটিত হৈছে এই ঘটনা।

লগতে পঢ়ক: মৰ্মান্তিক! ডিব্ৰুগড়ত ইনোভা আৰু ট্ৰাকৰ সংঘৰ্ষত গুৱাহাটীৰ একেটা পৰিয়ালৰে ২ জন নিহত, আহত ৫জন

দুপৰীয়া নির্মীয়মান বহুমহলীয়া অট্টালিকাটোৰ চাদত ৱাটাৰপ্ৰুফিঙৰ কাম চলি আছিল৷ নামি গৈ থাকোঁতে ৰছী ছিঙি লিফ্টখন বেছমেণ্টত খুন্দা মাৰে।

প্ৰত্যক্ষদৰ্শীয়ে ক্ষীপ্ৰতাৰে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষী থানাক অৱগত কৰে। আহত শ্ৰমিকসকলক ততাতয়াকৈ উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত ‘ভূমি কেলেংকাৰী’ৰ অভিযোগৰ তদন্তৰ দাবী বিৰোধীৰ

ইয়াৰে পাঁচজনৰ থিতাতে মৃত্যু হয়। পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আন দুজন লোকৰ মৃত্যু হয়। লিফ্টখন কিয় ভাঙি পৰিল তাৰ কাৰণ উলিয়াবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে।