• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত ‘ভূমি কেলেংকাৰী’ৰ অভিযোগৰ তদন্তৰ দাবী বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 10:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিৰোধী দলসমূহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা উদ্যোগী ৰিনিকী ভূঞা শৰ্মাৰ “ভূমি কেলেংকাৰী”ৰ অভিযোগক লৈ পুনৰ সৰৱ হৈ পৰিছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত “ভূমি কেলেংকাৰী”ৰ অভিযোগৰ “নিকা তদন্ত”ৰ দাবী কৰিছে বিৰোধী কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে। দ্য ক্ৰছ কাৰেন্টৰ প্ৰতিবেদন প্ৰকাশৰ কেইঘন্টামান পিছতে এইদৰে তদন্তৰ দাবীত সৰৱ হৈছে বিৰোধী দল দুটা।

দ্য ক্ৰছ কাৰেণ্টৰ প্ৰতিবেদন অনুসৰি, নগাঁও জিলাৰ বৰভগীয়া মৌজাৰ অন্তৰ্গত কলিয়াবৰৰ দৰিগাজী গাঁৱৰ ৫০ বিঘা ২ কঠা ১৯ লেচা পৰিমানৰ কৃষিভূমিৰ এক বুজন অংশক মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিনাৰ মাত্ৰ এমাহৰ পাছতেই ঔদ্যোগিক ভূমি হিচাপে “ৰহস্যজনকভাৱে পুনৰ শ্রেণীভুক্ত” কৰা হয়।

অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই তেওঁৰ কোম্পানী – প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত ফুড প্ৰচেছিং মন্ত্ৰালয়ৰ পৰা ৰাজসাহায্য হিচাপে ১০ কোটি টকা লাভ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

Apply Now

লগতে পঢ়ক: মৰ্মান্তিক! ডিব্ৰুগড়ত ইনোভা আৰু ট্ৰাকৰ সংঘৰ্ষত গুৱাহাটীৰ একেটা পৰিয়ালৰে ২ জন নিহত, আহত ৫জন

সংবাদ মাধ্যমৰ প্রতিবেদনৰ প্রতিক্রিয়া প্রকাশ কৰি অসম কংগ্রেছে কয়, ‘’মুখ্যমন্ত্রী হিচাপে ৰাজ্যবাসীৰ বাবে কাম কৰাৰ পৰিৱর্তে হিমন্ত বিশ্ব শর্মাই পত্নী আৰু পৰিয়ালৰ বাবে কাম কৰাৰ প্রয়াস কৰিছে৷ জনসেৱাৰ সলনি হিমন্ত বিশ্ব শৰ্মাৰ মূল লক্ষ্য হৈছে তেওঁৰ ধন-সম্পত্তি বৃদ্ধি কৰা।”

‘মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই কৃষিভূমিৰ শ্ৰেণী সলনি কৰি উদ্যোগ স্থাপনৰ বাবে ১০ কোটি টকাৰ ৰাজসাহায্য লৈছিল। ই অতি দুৰ্ভাগ্যজনক ঘটনা।’-প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ ভাৰত চন্দ্ৰ নৰহ আৰু উপাধ্যক্ষ বেদব্ৰত বৰাই এইদৰে কয়।

অসম কংগ্ৰেছৰ দুই নেতাই দাবী কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেইবাটাও অনিয়ম আৰু কেলেংকাৰীত জড়িত হৈ আছে।

 ‘’মুখ্যমন্ত্ৰীৰ পত্নীয়ে লগতে চিলিং আইন আৰু কোম্পানী আইনউ লংঘা কৰিছে। মুখ্যমন্ত্ৰী হৈ পৰিছে এক প্ৰকাৰৰ ৰক্ষক আৰু আগ্ৰাসী। মাত্ৰ এদিনৰ জাননী দি বহু লোকক ঘৰৰ পৰা উচ্ছেদ কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। কিন্তু পত্নীৰ ক্ষেত্ৰত তেওঁ আইন ভৰিৰে মোহাৰিলে।‘’- নৰহ আৰু বৰাই কয়।

‘সেয়েহে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীটোৱে একেদিনাই, একেখন পথাৰতে আৰু একেটা প্লটতে ৫০ বিঘা, ২ কঠা আৰু ১৯ লেচা কৃষিভূমি ক্ৰয় কৰাৰ পিছতো বিভাগটোৰ কোনো বিষয়াই ইয়াৰ বিৰোধিতা কৰিবলৈ সাহস কৰা নাছিল।” তেওঁলোকে কয়।

লগতে পঢ়ক: ৩৬ৰ দুৰন্ত তৰুণ! ২৪ সংখ্যক গ্ৰেণ্ড শ্লেম, ইউ এছ অ’পেনত জয়লাভ কৰি জ’কভিচৰ নতুন অভিলেখ

চিলিং আইন অনুসৰি কোনো ব্যক্তি বা কোম্পানীয়ে ৪৯.৫ বিঘাতকৈ অধিক কৃষিভূমিৰ মালিক হ’ব নোৱাৰে য’ত মাত্ৰ ১০ মাহতে কৃষিভূমিৰ শ্ৰেণীটো তৎক্ষণাত সলনি কৰাটো কেনেকৈ সম্ভৱ।

কৃষিভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ সঠিক তদন্তৰো দাবী উত্থাপন কৰে দুয়োগৰাকী কংগ্ৰেছ নেতাই।

‘কোন জিলা উপায়ুক্ত আৰু চক্ৰ বিষয়াই এই প্ৰক্ৰিয়াটো সম্পন্ন কৰিলে সেয়া জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে। কৃষিভূমিৰ শ্রেণী পৰিৱর্তনত নীতি-নিয়ম সম্পূর্ণৰূপে পালন কৰা হৈছিল নে নাই সেয়াও অসমৰ ৰাইজে জনা উচিত৷’-তেওঁলোকে লগতে কয়৷

তেওঁলোকে কয় যে আমি সমগ্ৰ কাণ্ডৰ সঠিক তদন্তৰ দাবী জনাইছো আৰু লগতে কয় যে মনোৰঞ্জন খণ্ডত কাম কৰা এটা কোম্পানীক খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰকল্প স্থাপন কৰিবলৈ দিয়াটোও ‘ৰহস্যজনক’।

ইপিনে, সংবাদ মাধ্যমৰ এই বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই অভিযোগৰ বিতং ন্যায়িক তদন্তৰ দাবী জনায়।

গগৈ আৰু ভূঞাই কয়, ‘চৰকাৰী প্ৰভাৱৰ অপব্যৱহাৰক লৈ উদ্বেগ সৃষ্টি কৰা পৰিস্থিতিত এই ৰূপান্তৰ ঘটিছে বুলি অভিযোগ উত্থাপন হৈছে।

“আমি মুখ্যমন্ত্ৰীয়ে নিজেই পোষকতা কৰাৰ দৰে সততা, সংহতি আৰু দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিত দৃঢ়ভাৱে বিশ্বাস কৰো। গতিকে এই উদ্বেগজনক অভিযোগ, বিশেষকৈ ভূমিৰ অনিয়মৰ সৈতে জড়িত অভিযোগসমূহৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক পুংখানুপুংখ আৰু নিৰপেক্ষ ন্যায়িক তদন্তৰ আহ্বান জনোৱাটো আমি অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰোঁ।’-অজাপৰ নেতাদ্বয়ে কয়।

লগতে পঢ়ক: জি-২০ সন্মিলনতে চীনৰ BRI প্ৰকল্পৰ পৰা আঁতৰি অহাৰ ইংগিত ইটালীৰ প্ৰধানমন্ত্ৰীৰ; অস্বস্তিত চীন!

‘এই অভিযোগৰ গুৰুত্ব আৰু অধিক গভীৰ কৰি তোলা কথাটো হ’ল কৃষকক সহায়ৰ বাবে প্ৰস্তুত কৰা চৰকাৰী আঁচনি প্ৰধানমন্ত্ৰীৰ কিষাণ সম্পদা আঁচনিৰ পৰা মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই লাভৱান হোৱা বুলি কোৱা হৈছে। ইয়াৰ ফলত চৰকাৰৰ উচ্চতম পৰ্যায়ত স্বচ্ছতা আৰু জবাবদিহিতাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।’-অজাপ নেতাসকলে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd