• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি-২০ সন্মিলনতে চীনৰ BRI প্ৰকল্পৰ পৰা আঁতৰি অহাৰ ইংগিত ইটালীৰ প্ৰধানমন্ত্ৰীৰ; অস্বস্তিত চীন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 8:38 am
জি ২০ সন্মিলনত   ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল'নী। ফটো: সংগ্ৰহীত।

জি ২০ সন্মিলনত ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল'নী। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত আয়োজিত জি-২০ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰে এটা হ’ল ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ। এই অৰ্থনৈতিক কৰিড’ৰত ভাৰত, সংযুক্ত আৰব আমিৰশ্বাহী, ইউৰোপীয় ইউনিয়নকে ধৰি ফ্ৰান্স, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইটালীও সংযুক্ত হ’ব।

ইপিনে, এই পৰিকল্পনা গ্ৰহণ কৰাৰ সময়তে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে চীনৰ সৈতে ‘বেল্ট এণ্ড ৰোড’ (বি আৰ আই) প্ৰকল্পৰ পৰা আঁতৰি অহাৰ ইংগিত দিলে। ইটালীৰ প্ৰধানমন্ত্ৰীয়ে জি-২০ সন্মিলনৰ মাজতে চীনৰ প্ৰধানমন্ত্ৰী লি কুইয়াঙৰ সৈতে হোৱা বৈঠকত এই বাৰ্তা প্ৰদান কৰে। যিটো এই সন্মিলনত বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। আনহাতে, ইটালীৰ এই পৰিকল্পনাই স্বাভাৱিকতে বেইজিঙৰ উদ্বেগ বৃদ্ধি কৰিছে।

জানিব পৰা মতে, জি-২০ সন্মিলনৰ মাজতে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে চীনৰ প্ৰধানমন্ত্ৰী লি কুইয়াঙৰ সৈতে সুকীয়া দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল। সেই বৈঠকত ইটালীৰ প্ৰধানমন্ত্ৰীয়ে চীনৰ সৈতে বেল্ট এণ্ড ৰোড প্ৰকল্পৰ পৰা আঁতৰি অহাৰ পৰিকল্পনা ঘোষণা কৰে।

Apply Now

লগতে পঢ়ক: মৰ্মান্তিক! ডিব্ৰুগড়ত ইনোভা আৰু ট্ৰাকৰ সংঘৰ্ষত নিহত গুৱাহাটীৰ এটা পৰিয়ালৰে ৭ জন সদস্য

অৱশ্যে ইটালীয়ে বি আৰ আই প্ৰকল্পৰ পৰা ওলাই আহিলেও চীনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ বাৰ্তা প্ৰদান কৰে মেল’নীয়ে। আনহাতে, চীনৰ প্ৰধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীলৈ স্বচ্ছ আৰু বৈষম্যহীন ব্যৱসায়িক পৰিৱেশ বজাই ৰাখিবলৈ বাৰ্তা প্ৰদান কৰি ইয়াৰ উত্তৰ দিয়ে।

কোৱা বাহুল্য যে ইটালীয়ে বি আৰ আই প্ৰকল্পৰ পৰা আঁতৰি অহাৰ পৰিকল্পনাক লৈ চীন কিছু অস্বস্তিত পৰিছে আৰু দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্কত ফাট মেলিছে।

অৱশ্যে ইতিমধ্যে ইটালী চৰকাৰে চীনৰ বিশেষ প্ৰকল্প বি আৰ আইৰ পৰা আঁতৰি অহাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল। ৰোমে লক্ষ্য কৰিছে যে এই প্ৰকল্পৰ পৰা ইটালী বিশেষভাৱে লাভৱান নহ’ব। ইটালীৰ বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানীয়ে শেহতীয়াকৈ বেইজিং ভ্ৰমণ কৰিছিল আৰু বি আৰ আই প্ৰকল্পক লৈ তেওঁ হতাশ হয়। এই প্ৰকল্পই আশানুৰূপ ফলাফল নিদিয়ে বুলিও তেওঁ কৈছিল।

ইয়াৰ উপৰিও ইটালীৰ আন আন ৰাজনৈতিক দলসমূহেও মেল’নী চৰকাৰে বি আৰ আই প্ৰকল্পত যোগদান কৰাত ক্ষোভ প্ৰকাশ কৰা বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে।

ইপিনে, ইটালীৰ বি আৰ আই প্ৰকল্পৰ পৰা আঁতৰি অহাৰ পৰিকল্পনাই বেইজিঙক অস্বস্তিত পেলাইছে। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে অক্টোবৰ মাহত এই প্ৰকল্প সন্দৰ্ভত তৃতীয়খন সন্মিলন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়ক: ৰাতিপুৱা শুই উঠিয়েই কৰক এইকেইটা কাম, সমস্যাৰ মুখ নেদেখে আপুনি

দৰাচলতে বি আৰ আই কি? দক্ষিণ এছিয়া, মধ্য এছিয়া, উপসাগৰীয় অঞ্চল, আফ্ৰিকা আৰু ইউৰোপক পথ আৰু সাগৰীয় মাধ্যমেৰে সংযোগ কৰিবলৈ চীনে ২০১৩ চনত বি আৰ আই প্ৰকল্প আৰম্ভ কৰিছিল। কিন্তু এই প্ৰকল্পক লৈ বেইজিঙে ভাৰত আৰু আমেৰিকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ উপৰিও শ্ৰীলংকা, মালয়েছিয়া, ফিলিপাইনছ আদিয়েও এই বি আৰ আই প্ৰকল্পক লৈ উদ্বেগ প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd