NORTHEAST NOW (Assamese)
অসম

ৰাজনৈতিক নেতাসকলক কিয় নিৰ্দিষ্ট আইনত অভিযুক্ত কৰা হোৱা নাই? ইডিক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 5, 2023 8:41 am

এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে ইডি। ৰাজনৈতিক নেতাৰ বিৰুদ্ধে যদি অবৈধ আৰ্থিক লেনদেনৰ অভিযোগ উত্থাপন হৈছে, তেন্তে সেই নেতা বা সংশ্লিষ্ট দলটোৰ বিৰুদ্ধে কিয় নিৰ্দিষ্ট আইনৰ অধীনত অভিযোগ উত্থাপন কৰা হোৱা নাই? ইডিক এই প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে।

বুধবাৰে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এছ ভি এন ভাট্টীৰ বিচাৰপীঠে আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত বিচাৰপীঠে প্ৰশ্ন কৰে যে দিল্লীৰ আবকাৰী নীতি (যি এতিয়া বাতিল কৰা হৈছে)ৰ পৰা আম আদমী পাৰ্টি লাভৱান হৈছে নেকি, তেন্তে ধনৰ অপব্যৱহাৰৰ অভিযোগ কিয় নহ’ল?

বিচাৰপীঠে প্ৰশ্ন কৰে, ‘আপোনাৰ অভিযোগ যে এটা বিশেষ ৰাজনৈতিক দলে সুবিধা লাভ কৰিছে। ৰাজনৈতিক দলটোৰ বিৰুদ্ধে এতিয়াও ধনৰ জালিয়াতি প্ৰতিৰোধ আইনৰ অধীনত অভিযোগ উত্থাপন হোৱা নাই। তাৰ উত্তৰ কেনেকৈ দিব?”

লগতে পঢ়কঃ ছিকিমৰ বিধ্বংসী বানত ১৪ জনৰ মৃত্যু, ১০২ জন সন্ধানহীন; আবদ্ধ হৈ পৰিছে ৩ হাজাৰ পৰ্যটক

মন্ত্ৰীসভাৰ কোনো সিদ্ধান্ত আদালতত পৰীক্ষা কৰিব পৰা যাব নেকি সেই প্ৰশ্নও উচ্চতম ন্যায়ালয়ে ইডিৰ ওচৰত উত্থাপন কৰিছে। ন্যায়াধীশ খান্নাই কয়, ‘আমাৰ মতে আমি কেবিনেটৰ সিদ্ধান্ত পৰীক্ষা কৰিব নোৱাৰো। এই বিষয়ত সংবিধান বিচাৰপীঠৰ নিৰ্দিষ্ট ৰায় আছে। এই কথা দিল্লীৰ ক্ষেত্ৰতো প্ৰযোজ্য নেকি নাজানো। কাৰণ ই কেন্দ্ৰীয় শাসিত অঞ্চল। অৱশ্যে তেওঁলোকে এই আপত্তি উত্থাপন কৰা নাই।”

ইডিৰ বাবে আদালতত হাজিৰ হয় অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজু। বৃহস্পতিবাৰে এই দুয়োটা প্ৰশ্নৰ উত্তৰ দিব বুলিও তেওঁ জনায়।

আনহাতে, অধিবক্তা অভিষেক মনু সিংভীয়ে মনীষ চিছ’দিয়াৰ হৈ যুক্তি আগবঢ়ায়। তেওঁ আদালতত কয় যে এই গোচৰৰ কেইবাজনো অভিযুক্তৰ জামিন দিয়া হৈছে। কিন্তু মনীষ ছিছ’দিয়াৰ জামিন আৱেদন বাৰে বাৰে নাকচ কৰা হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এই গোচৰত আপ নেতাজনক গ্ৰেপ্তাৰ কৰা হৈছিল।

এতিয়ালৈকে ছিছ’ডিয়াই কোনো ধৰণৰ অন্যায় কাম কৰাৰ কথা অস্বীকাৰ কৰিছে। ৰাজনৈতিক প্ৰতিশোধ ল’বলৈ বিজেপি চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ দ্বাৰা এই গোচৰ তৰিছে বুলি তেওঁ অভিযোগ কৰে।

লগতে পঢ়কঃ পিতৃ-মাতৃৰ হাততে সন্তানৰ ভৱিষ্যত: মনত ৰাখক চাণক্যৰ এই তিনি বচন

উল্লেখ্য যে ২০২১ চনৰ নৱেম্বৰ মাহত দিল্লীৰ কেজৰিৱাল চৰকাৰে নতুন আবকাৰী নীতি প্ৰৱৰ্তন কৰে। এই নীতিৰ অধীনত চৰকাৰে ব্যক্তিগত সুৰা অনুজ্ঞাপত্ৰধাৰীক দোকান চলাবলৈ অনুমতি দিছিল। পিছত এই নীতি ৰূপায়ণৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। আপ চৰকাৰে সুৰাৰ অনুজ্ঞাপত্ৰধাৰীক অযথা সুবিধা দিয়াৰ অভিযোগ উঠে। ইডিৰ লগতে চিবিআইয়েও এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।