NORTHEAST NOW (Assamese)
জীৱনশৈলী

দিনটোলৈ দূৰ কৰক অৱসাদ: পুৱা কৰক এইসমূহ কাম, সুস্থ থাকিব দেহ-মন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2023 6:58 am

এগৰাকী ব্যক্তিয়ে স্বাভাৱিকতেই নানা চিন্তা, সমস্যাৰ মাজেৰেই নিজৰ জীৱন অতিবাহিত কৰে। এনে চিন্তা-ভাৱনাক একাষৰীয়া কৰি জীৱনৰ মাদকতা উপভোগ কৰিবলৈ মানুহে সাধাৰণতে প্ৰতিটো পলেই কচৰত কৰে। তাৰ মাজতে কামৰ বোজায়ো ব্যক্তিক ভাগৰুৱা কৰি তোলে।

কিন্তু এনে চিন্তা-ভাৱনা তথা অৱসাদৰ পৰা দিনটো আঁতৰি থাকিব পৰাকৈ নিজকে শক্তিশালী কৰিব পৰা কিটিপ মানুহৰ নিজৰ হাততে থাকে। প্ৰতিটো পুৱাতে মানুহে নিজৰ ওপৰত প্ৰয়োগ কৰিব পাৰে নিজকে সুখী কৰি ৰাখিব পৰা এই কৌশল। চাওঁ আহক এনে কিছু সহজ কৌশল:

পুৱা সোনকালে উঠক: মানুহে নিজকে সুস্থ-সবল কৰি গঢ়ি তুলিবলৈ নিশা সোনকালে শুই, পুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে। পুৱা সোনকালে বিচনা এৰাৰ লগে লগে দিনটোৰ পৰিকল্পনা সাজু কৰি ল’ব পাৰে আৰু সেই অনুসাৰে কাৰ্য সম্পাদন কৰিব পাৰে।

মুখ ভালদৰে পৰিষ্কাৰ কৰক: বিচনা এৰাৰ পাছতে আপুনি নিজৰ দাঁত-মুখ-জিভা ভালদৰে পৰিষ্কাৰ কৰক। পুৱা মুখ ভালদৰে পৰিষ্কাৰ নকৰিলে দিনটোলৈ নিজকে সতেজ যেন অনুভৱ নহয়; লগতে মুখৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সম্ভাৱনাও যথেষ্ট থাকে। ফলত আপুনি অৱহেলা বা অপমানৰো সন্মুখীন হ’ব পাৰে।

ব্যায়াম: ৰাতিপুৱাই শাৰিৰীক ব্যায়াম কৰিলে এলাহৰ পৰা মুক্তি পোৱাত সহায়ক হয় আৰু দিনটোৰ এক সতেজ আৰম্ভণি হয়।

স্বাস্থ্যকৰ ব্ৰেকফাষ্ট কৰক: দিনটোৰ বাবে প্ৰয়োজন হোৱা পুষ্টি যোগানৰ বাবে পুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট নিতান্তই প্ৰয়োজনীয়। পুৱা অনিয়মীয়া আৰু অপুষ্টিকৰ ব্ৰেকফাষ্টে আপোনাৰ শৰীৰক ৰুগীয়া কৰি তোলাৰ সম্ভাৱনাই অধিক।

ৰাতিপুৱা যৌন সম্পৰ্ক স্থাপন কৰক: পুৱা যৌন সম্পৰ্ক স্থাপন কৰিলে আচলতে মানুহে নিজকে সতেজ আৰু সুস্থ অনুভৱ কৰিব পাৰে। লগতে পুৱাৰ সম্ভোগে আপোনাক দিনটোৰ বাবে মানসিকভাৱে সুখী কৰি তুলিব পাৰে।