NORTHEAST NOW (Assamese)
Popular Stories

গৰ্ভাৱস্থাত ভুলতো নাখাব এইকেইবিধ ফল, হ’ব পাৰে ডাঙৰ সমস্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 23, 2023 6:50 pm

গৰ্ভাৱস্থা হৈছে প্ৰতিগৰাকী মহিলাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। গৰ্ভধাৰণৰ পৰা প্ৰসৱলৈকে প্ৰতিটো মুহূৰ্ত এগৰাকী মহিলাৰ বাবে অতি প্ৰত্যাহ্বানজনক। এই সময়ছোৱাত প্ৰতিগৰাকী মহিলাই বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰ সমুখীন হয়। 

গৰ্ভাৱস্থাত প্ৰতিগৰাকী মাতৃক বিশেষ যত্নৰ প্ৰয়োজন। এই সময়ত সকলো মহিলাকে পুষ্টিকৰ খাদ্য আৰু ফল-মূল খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। শিশু আৰু মাতৃৰ সুস্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। কিন্তু কিছুমান বিশেষ খাদ্য আৰু ফল-মূল আছে যিবোৰ গৰ্ভৱতী মহিলাই খাব নালাগে। 

আনাৰস 

আনাৰস আমাৰ স্বাস্থ্যৰ বাবে ভাল হ’লেও গৰ্ভৱতী মহিলাই ইয়াৰ পৰা আঁতৰি থকা উচিত, কিয়নো আনাৰসত থকা উদ্দীপক ব্ৰ’মেলিনে গৰ্ভপাত আৰু অকাল প্ৰসৱৰ সম্ভাৱনা বৃদ্ধি কৰে। গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত এই ফল নাখালে ভাল। আনাৰস বেছিকৈ খালে ডায়েৰিয়া আৰু পানীলগাও হ’ব পাৰে।

আঙুৰ

সেউজীয়া বা ক’লা যিকোনো ধৰণৰ আঙুৰ গৰ্ভাৱস্থাত পৰিহাৰ কৰাটো ভাল। আঙুৰত থকা Resveratrol গৰ্ভৱতী মহিলাৰ বাবে বিষাক্ত হ’ব পাৰে। লগতে আঙুৰৰ অম্লীয় প্ৰকৃতিৰ বাবে গৰ্ভৱতী মাতৃৰ বাবে ই ক্ষতিকাৰক হ’ব পাৰে।

অমিতা 

গৰ্ভাৱস্থাত কেঁচা অমিতা খাব নালাগে। কেঁচা অমিতা খালে অকালতে প্ৰসৱ হ’ব পাৰে। অমিতাত থকা পেপচিন আৰু পেপেইনে ভ্ৰুণৰ ক্ষতি কৰে। অমিতাই শৰীৰৰ উষ্ণতাও বৃদ্ধি কৰিব পাৰে, যিটো গৰ্ভৱতী মহিলাৰ বাবে ভাল নহয়। আকৌ অমিতাত থকা পেঁপাৰ লেটেক্সে গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি কৰে।

তেতেলি

সকলো মাতৃয়ে গৰ্ভাৱস্থাত টেঙা খাই ভাল পায়। কিন্তু মনত ৰখা উচিত যে তেতেলিয়ে উপকাৰতকৈ বেছি ক্ষতি কৰে। তেতেলিত ভিটামিন চি থাকে, যিয়ে প্ৰজেষ্টেৰন উৎপাদনত বাধা দিয়ে। গৰ্ভৱতী শৰীৰত প্ৰজেষ্টেৰন কম হ’লে গৰ্ভপাত হ’ব পাৰে। গতিকে প্ৰতিগৰাকী মাতৃয়ে তেতেলিৰ পৰা আঁতৰি থাকিব লাগে।

কল

ক্ষতিকাৰক ফলৰ তালিকাত কল দেখি বহুতে আচৰিত হ’ব। গৰ্ভাৱস্থাত কল খোৱাত কোনো সমস্যা নাই যদিও কিছুমান ক্ষেত্ৰত এই ফলাফল মাৰাত্মক হ’ব পাৰে। এলাৰ্জী থকা মহিলা, ডায়েবেটিছ ৰোগীয়ে গৰ্ভাৱস্থাত কল খাব নালাগে।

তৰমুজ

সাধাৰণতে স্বাস্থ্যৰ বাবে তৰমুজ উপকাৰী। ই আমাৰ শৰীৰত থকা পানীৰ ঘাটি পূৰণ কৰে। শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰত শক্তি বৃদ্ধি কৰে। কিন্তু গৰ্ভাৱস্থাত তৰমুজ খালে শিশুৰ ক্ষতি হব পাৰে। তদুপৰি বেছিকৈ তৰমুজ খালে গৰ্ভৱতী মহিলাৰ তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

শুকান ফল

গৰ্ভাৱস্থাত যিকোনো শুকান ফল খোৱাটো ক্ষতিকাৰক। তাৰ পৰিৱৰ্তে সতেজ ফল-মূল খাব। কাৰণ ফল এটা বহুদিন সংৰক্ষণ কৰিলে তাৰ সোৱাদ আৰু পুষ্টি হেৰাই যায়। গৰ্ভৱতী আৰু গৰ্ভস্থ শিশুৰ শৰীৰত শুকান ফলে বিষৰ দৰে কাম কৰে।

মনত ৰাখিব


১) কোনো ফল ভালকৈ নোধোৱাকৈ খাব নালাগে। অন্যথা ইয়াৰ ফলত সৃষ্টি হোৱা কীটনাশক, মাটি বা আন ৰাসায়নিক পদাৰ্থ শৰীৰত প্ৰৱেশ কৰিব পাৰে। সংক্ৰমণ হ’ব পাৰে।

২) ফল কেতিয়াও কোনো ধৰণৰ ডিটাৰজেন্ট বা ৰাসায়নিক পদাৰ্থৰে ধুব নালাগে। তেতিয়া লাভতকৈ ক্ষতি বেছি হ’ব।

৩)ফলৰ ওপৰত কোনো দাগ থাকিলে বা নষ্ট হোৱা যেন লাগিলে সেই অংশটো ভালদৰে কাটি পেলাওক। অন্যথা সেই ঠাইত থকা বেক্টেৰিয়াই মাতৃ আৰু শিশুৰ শৰীৰত সংক্ৰমণ ঘটাব পাৰে।