NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী বণ্ডত কোন দলে কিমান টকা পাইছে দুসপ্তাহৰ ভিতৰত তথ্য জমা দিব লাগিব উচ্চতম ন্যায়ালয়ত

Posted by: এন ই নিউজ, নতুন দিল্লী Updated by: এন ই নিউজ, নতুন দিল্লী November 3, 2023 12:06 pm

নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিভিন্ন ৰাজনৈতিক দলৰ পুঁজিত কিমান টকা জমা হৈছে সেই তথ্য দুসপ্তাহৰ ভিতৰত জমা দিব লাগিব। উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক এনে নিৰ্দেশ দিছে। নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। সেই পৰিপ্ৰেক্ষিততে এই নিৰ্দেশনা দিয়া হৈছে।

নিৰ্বাচনত ক’লা ধন ৰোধ কৰিবলৈ নিৰ্বাচনী বণ্ড ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। বুধবাৰে চৰকাৰে এনে দাবীয়েই কৰিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে নিৰ্বাচনী বণ্ডৰ তথ্যৰ বিষয়ে জানিবলৈ সাধাৰণ নাগৰিকৰ কোনো অধিকাৰ নাই।

লগতে পঢ়কঃ আমেৰিকাত ধৰা পৰিছে দেশখনত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ যোৱা কমেও ৯৭০০০ ভাৰতীয়

বৃহস্পতিবাৰে এই গোচৰৰ শুনানিৰ সময়ত নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কোন দলৰ পকেটত কিমান টকা সোমাইছে, দুসপ্তাহৰ ভিতৰত সেই সংক্ৰান্তীয় সকলো হিচাপ দাখিল কৰিব লাগিব।

যোৱা ৩০ ছেপ্টেম্বৰ, ২০২৩ পৰ্যন্ত এটা দলে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কিমান টকা লাভ কৰিছে তাৰ তথ্য বন্ধ খামত উচ্চতম ন্যায়ালয়ত জমা দিব লাগে বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে।

ইপিনে, উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায় আপাততঃ স্থগিত ৰাখিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৯ চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশ দিছিল যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে এটা দলে কিমান টকা পাইছে তাৰ তথ্য দাখিল কৰিব লাগে। সেই নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিততে উচ্চতম ন্যায়ালয়ে কালি এই তথ্য দাখিল কৰিবলৈ কয়।

লগতে পঢ়কঃনগ্ন কৰি ভিডিঅ’ৰেকৰ্ড! IIT-BHU কেম্পাছত অকথ্য নিৰ্যাতনৰ বলি ছাত্ৰী; প্ৰতিবাদত বহিল শিক্ষাৰ্থী

সংবিধান বিচাৰপীঠত এই গোচৰৰ শুনানিৰ পূৰ্বে কেন্দ্ৰৰ হৈ এটৰ্নী জেনেৰেল আৰ ভেংকেটৰমণীয়ে দেওবাৰে উচ্চতম ন্যায়ালয়ত কৈছিল যে, “সংবিধানে নাগৰিকক নিৰ্বাচনী বণ্ডৰ ধন ক’ৰ পৰা আহিছে সেই কথা জনাৰ অধিকাৰ দিয়া নাই।” তাৰ পাছত বুধবাৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই সন্দৰ্ভত আদালতত কৈছিল, ‘নিৰ্বাচনত ক’লা ধন ব্যয় কৰাটো দেশৰ বাবে চিন্তাৰ বিষয় আছিল। এই সমস্যা সমাধানৰ বাবে ইচ্ছাকৃতভাৱে নিৰ্বাচনী বণ্ড আঁচনি প্ৰৱৰ্তন কৰা হৈছিল।’