• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগ্ন কৰি ভিডিঅ’ৰেকৰ্ড! IIT-BHU কেম্পাছত অকথ্য নিৰ্যাতনৰ বলি ছাত্ৰী; প্ৰতিবাদত বহিল শিক্ষাৰ্থী

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 3, 2023 8:43 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰাণসীৰ আই আই টি-বানাৰস হিন্দু বিশ্ববিদ্যালয় চৌহদত নিৰ্যাতনৰ বলি হৈছে এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! অভিযোগ অনুসৰি বুধবাৰে নিশা মটৰ চাইকেলত অহা তিনিজন অচিনাক্ত ব্যক্তিয়ে ছাত্ৰীগৰাকীক নিৰ্যাতন চলাইছিল। ছাত্ৰীগৰাকীক সকলো কাপোৰ খুলিবলৈ বাধ্য কৰি উলংগ শৰীৰৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হয় বুলি অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতাই।

বৃহস্পতিবাৰে (২ নৱেম্বৰ) কেম্পাছৰ ৰাজপুতনা হোষ্টেলৰ সমীপত আই আই টি-বি এইচ ইউৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে তিনিজন দুষ্কৃতিকাৰীক বাহিৰৰ মানুহ বুলি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে কেম্পাছত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰে।

এই ভয়াৱহ ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইফালে কংগ্ৰেছে এই নিৰ্যাতনৰ ঘটনাৰ বাবে যোগী আদিত্যনাথ চৰকাৰলৈ আঙুলি টোৱাইছে।

Apply Now

লগতে পঢ়কঃ ম্যানমাৰ সীমান্তত থকা চহৰৰ নিয়ন্ত্ৰণ হেৰুৱাইছে সামৰিক জুন্টা বাহিনীয়ে

ভুক্তভোগীৰ অভিযোগ অনুসৰি, বুধবাৰে নিশা তেওঁ বন্ধু এজনৰ সৈতে হোষ্টেলৰ পৰা ওলাই যায়। দুয়ো কেম্পাছৰ ভিতৰত খোজ কাঢ়ি গৈ আছিল। কাৰ্মান বাবা মন্দিৰৰ সমীপৰ এঠাইত হঠাৎ তিনিজন বাইক আৰোহীৰ আবিৰ্ভাৱ হয়। বন্ধুৰ পৰা বিচ্ছিন্ন কৰি সিহঁতে বলপূৰ্বকভাৱে ছোৱালীজনীক এটা আন্ধাৰ চুকলৈ লৈ যায়। যাতে তেওঁৰ চিঞৰ কোনেও শুনা নাপায়, তাৰ বাবে মুখখন কাপোৰেৰে ঢাকি দিয়ে। ইয়াৰ পিছতে দুষ্কৃতিকাৰীয়ে ছাত্ৰীগৰাকীৰ উলংগ কৰি তেওঁৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে। ১৫ মিনিটৰ পিছত তেওঁক মুকলি কৰি দিয়া হয় যদিও তাৰ আগতে দুষ্কৃতিকাৰীয়ে ছোৱালীজনীৰ ফোন নম্বৰ লৈ যায়।

ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত তিনিজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ নং ধাৰা অৰ্থাৎ এগৰাকী মহিলাৰ শ্লীলতা হানি কৰাৰ উদ্দেশ্যে আক্ৰমণ বা বলপূৰ্বক আক্ৰমণৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও তথ্য প্ৰযুক্তি আইনৰ বিধানৰ অধীনত এখন এফআইআৰও পঞ্জীয়ন কৰা হৈছে।

লগতে পঢ়কঃ লোকসভাৰ অনুশাসন সমিতিৰ অশ্লীল প্ৰশ্নবাণ! দাবী সাংসদ মহুৱা মৈত্ৰৰ

অৱশ্যে এতিয়াও চিনাক্ত হোৱা নাই অভিযুক্ত। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হৈ আই আই টি-বি এইচ ইউ কৰ্তৃপক্ষই নতুন নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আই আই টি-বি এইচ ইউৰ পঞ্জীয়ক ৰাজন শ্ৰীবাস্তৱৰ নিৰ্দেশ অনুসৰি কেম্পাছ চৌহদৰ সকলো প্ৰৱেশদ্বাৰ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বন্ধ থাকিব। কেৱল বি এইচ ইউৰ ষ্টীকাৰ থকা বাহন আৰু বি এইচ ইউৰ পৰিচয় পত্ৰ থকা ব্যক্তিকহে চৌহদত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।

Three men on a bullet ambushed an IIT BHU student walking with her male friend in BHU campus, Varanasi. The men forcibly kissed the girl student, undressed and recorded her. She was held captive for 10-15 minutes. Hundreds of students of IIT BHU are now staging protest. pic.twitter.com/UVqTlHhAYc

— Piyush Rai (@Benarasiyaa) November 2, 2023

ইপিনে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই এই ঘটনাৰ বাবে যোগী চৰকাৰক জগৰীয়া কৰে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘বি এইচ ইউ কেম্পাছ আনকি আই আই টিৰ দৰে শীৰ্ষ প্ৰতিষ্ঠানসমূহো এতিয়া সুৰক্ষিত নহয়? প্ৰধানমন্ত্ৰীৰ সমষ্টিৰ এগৰাকী ছাত্ৰীয়ে নিজৰ শিক্ষানুষ্ঠানত ভয় নোহোৱাকৈ খোজ কাঢ়ি যোৱাটো এতিয়া সম্ভৱ নহয়?

বহস্পতিবাৰে বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিয়েও কেম্পাছত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত যোগদান কৰে। এবিভিপিৰ বিএইচইউ শাখাৰ নেতা অভয় সিঙে কয় যে অভিযুক্তসকলক শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd