NORTHEAST NOW (Assamese)
দেশ

মোডীৰ ৱাশ্বিং পাউদাৰত চাফা হ’ল সাৰদা চিট ফাণ্ড কেলেংকাৰীৰ নায়ক হিমন্ত বিশ্ব শৰ্মাৰ নাম!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 7, 2023 6:20 pm

মঙলবাৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে তীব্ৰ বাক্যবাণেৰে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোডীক সমালোচনা কৰে।

ভূপেশ বাঘেলে কয়  যে মোডীৰ ৱাশ্বিং পাউডাৰত সাৰদা কেলেংকাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নাম ধুই নিকা কৰা হৈছে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে এবাৰ মানুহে বিজেপিত যোগদান কৰিলে তেওঁলোকৰ নাম দুৰ্নীতিৰ পৰা আঁতৰি যায়।

লগতে বাঘেলে কয়, ‘অজিত পাৱাৰে বিজেপিত যোগদান কৰাৰ লগে লগে তেওঁৰ নাম ইডিৰ তদন্তৰ পৰা আঁতৰাই দিয়া হ’ল। হিমন্ত বিশ্ব শৰ্মা এতিয়া মুখ্যমন্ত্ৰী, তেওঁৰ নাম সাঙুৰ খাই আছিল সাৰাধা চিট ফাণ্ডৰ দুৰ্নীতিত। তেওঁ এতিয়া ছত্তীশগড়ত প্ৰচাৰ চলাই আহিছে। এনে বহু উদাহৰণ আছে য’ত ‘মোডী ৱাশ্বিং পাউদাৰ’ত ধুই সকলো দাগ পৰিষ্কাৰ কৰা হয়। ” 

উল্লেখ্য যে মঙলবাৰৰ পুৱাৰে পৰা ৰাজ্যখনত বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয়।