NORTHEAST NOW (Assamese)
অসম

কি হৈছে কংগ্ৰেছ দলটোত? পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা সুৰেশ বৰাই

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 10, 2023 5:50 pm

শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ বৰাই দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰ দিয়াৰ সময়ত তেওঁৰ সৈতে বহু সংখ্যক সমৰ্থকও আছিল।

নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰাই বৃহস্পতিবাৰে নিশা পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৰাৰ আমন্ত্ৰণৰ পিছতে শুকুৰবাৰে পুৱা বঢ়মপুৰ বিধান সভা সমষ্টিৰ সকলো নেতা আৰু কৰ্মী ইটাশালীস্থিত তেওঁৰ বাসগৃহত উপস্থিত হয় আৰু তাতেই তেওঁ পদত্যাগৰ কথা ঘোষণা কৰে।

খবৰ অনুসৰি বৰাই দলৰ শীর্ষ নেতাসকললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে যদিও এতিয়ালৈকে এই সন্দৰ্ভত শীৰ্ষ নেতাসকলে মন্তব্য প্ৰদান কৰা নাই।

উল্লেখযোগ্য যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত ৭৫১ টা ভোটৰ ব্যৱধানত বিজেপিৰ জিতু গোস্বামীৰ হাতত পৰাস্ত হৈছিল সুৰেশ বৰা। 

প্ৰণিধানযোগ্য যে, ২০১৯ চনত নগাঁও সমষ্টিৰ লোকসভা নিৰ্বাচনত প্ৰদ্যুত বৰদলৈৰ জয়ৰ ক্ষেত্ৰত বৰাই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।