NORTHEAST NOW (Assamese)
অসম

হিন্দু বাংলাদেশী: কটনিয়ানৰ উত্তাল প্ৰতিবাদ, মুখ্য মন্ত্ৰীৰ অনুপস্থিতিত স্মাৰক পত্ৰ গ্ৰহণ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

Posted by: অনিৰ্বাণ পাঠক May 10, 2018 10:23 pm
10-05-18 Guwahati- Student Protest Cotton University (7)

অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’লে হাত সাৱতি বহি নাথাকে কটনিয়ান। ভাষা আন্দোলন, অসম আন্দোলন সকলোতে কটনিয়ানৰ ভূমিকা অপৰিসীম। পৰম্পৰা অক্ষুন্ন ৰাখি অসমৰ জাতীয় অস্তিত্বৰ সংকট নমাই আনিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰো তীব্ৰ বিৰোধিতা কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

উল্লেখ্য যে বৃহস্পতিবাৰে কটন বিশ্ববিদ্যলয়ত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় লোকসেৱা আয়োগত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।  আৰু সেই উদ্দেশ্যে মুখ্য মন্ত্ৰী সোণোৱালক স্মাৰকপত্ৰ প্ৰদানৰ বাবে সমবেত হৈছিল ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকল।

লগতে পঢ়িব পাৰে: হিন্দু বাংলাদেশী : কটনত বন্দী শিক্ষা মন্ত্ৰী, বিক্ষোভৰ উমান পাই নগ’ল মুখ্য মন্ত্ৰী, ‘অ’ মোৰ আপোনাৰ দেশ’ৰে আৱেগময় পৰিৱেশ

কিন্তু ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভৰ সন্মুখীন হোৱাৰ ভয়ত ৰহস্যজনকভাৱে মুখ্য মন্ত্ৰী সোণোৱাল অনুষ্ঠানত উপস্থিত নাথাকে। ফলত প্ৰতিবাদমুখৰ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে মুখ্য মন্ত্ৰী উপস্থিত নথকাত লেই লেই ছেই ছেই কৰা পৰিলক্ষিত হয়।

10-05-18 Guwahati- Student Protest Cotton University (17)

অবশেষত সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদত সেও মানি মুখ্য মন্ত্ৰীৰ হৈ স্মাৰক পত্ৰ গ্ৰহন কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

কটনীয়ানে প্ৰদান কৰা চাৰি দফীয়া ষ্মাৰক পত্ৰখনৰ প্ৰথমতেই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন ৰখাৰ দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে। দ্বিতীয়তে ৮৫৫ গৰাকী চহিদৰ তেজৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পাছত অহা সকলো বিদেশীক বহিষ্কাৰৰো দাবী জনায়।

কটনিয়ানে লগতে নাগৰিকত্ব সংশোধনী বিধেয়কে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াতো ব্যাঘাত জন্মাব বুলি স্পষ্ট ৰূপত উল্লেখ কৰি দিয়ে। এই বিধেয়ক বাতিল কৰি অসম চুক্তিৰ ভিত্তিত খিলঞ্জীয়াক ৰক্ষাকৱচ প্ৰদানৰো দাবী জনায় কটন বিশ্ববিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।