DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হিন্দু বাংলাদেশী : কটনত বন্দী শিক্ষা মন্ত্ৰী, বিক্ষোভৰ উমান পাই নগ’ল মুখ্য মন্ত্ৰী, ‘অ’ মোৰ আপোনাৰ দেশ’ৰে আৱেগময় পৰিৱেশ

অনিৰ্বাণ পাঠক, কল্পজ্যোতি শইকীয়া by অনিৰ্বাণ পাঠক, কল্পজ্যোতি শইকীয়া
May 10, 2018 5:56 pm
massive protest by cotton students against govt
113
VIEWS
Share on FacebookShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে মুখত ক’লা কাপোৰ বন্ধা শ শ ছাত্ৰ-ছাত্ৰীৰ ‘অ’ মোৰ আপোনাৰ দেশ’ৰ সমবেত ধ্বনিত উত্তাল হৈ পৰিছে কটন বিশ্ববিদ্যালয় ( Cotton University )। প্ৰবল ছাত্ৰ বিক্ষোভৰ মাজত পৰি বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃ্হত আবদ্ধ হৈ পৰিছে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।

আনহাতে ছাত্ৰ-ছাত্ৰীৰ প্ৰবল বিক্ষোভৰ উমান পাই কটন বিশ্ববিদ্যালয়ত আজি ১০ মে’ত আয়োজিত কাৰ্য্যসূচী বাতিল কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ দাবী জনোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ ৪ গৰাকীক গৈ প্ৰেক্ষাগৃ্হৰ ভিতৰত শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ দিবৰ বাবে অনুৰোধ কৰা হৈছিল যদিও ছাত্ৰ-ছাত্ৰীসকলে এই অনুৰোধ প্ৰত্যাখ্যান কৰি সকলো প্ৰৱেশ পথ বন্ধ কৰি দিয়ে। ছাত্ৰ-ছাত্ৰীৰ মত ‘তেওঁ যদি শিক্ষা মন্ত্ৰী, তেন্তে ছাত্ৰ-ছাত্ৰীৰ সম্মুখলৈ আহি স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ সাহস দেখুৱাওক।’

বিশ্ববিদ্যালয়খনত আজি ৪ বজাত কেন্দ্ৰীয় লোকসেৱা আয়োগত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীসকলক মুখ্য মন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ কথা আছিল।

‘ছাত্ৰ একতা সভাৰ নহয়, সমগ্ৰ কটনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ এয়া’ বুলি মন্তব্য কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিজনে।

কিন্তু মুখ্য মন্ত্ৰীৰ আগমণৰ কথা ওলোৱাৰ লগে লগেই বিদেশীক সংস্থাপনৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা নীতিৰ প্ৰতিবাদৰ বাবে মাৰ বান্ধি ওলাই আহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী।

কালিৰ পৰাই বিশ্ববিদ্যালয়খনৰ দেৱালত দেখা গৈছিল নাগৰিকত্ব আইন সংশোধন বিৰোধী প’স্তাৰ। দেখা গৈছিল ‘জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল সন্ধানহীন’ আদি প’স্তাৰ। প’স্তাৰসমূহ আৰক্ষী আৰু জিলা প্ৰশাসনে আহি উঠাই লৈ যায়।

আনহাতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত ভাগ লৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা গণেশ গোস্বামীয়ে কয় ‘কটনৰ ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদে সমগ্ৰ অসমত হৈ থকা প্ৰতিবাদক এক নতুন মাত্ৰা প্ৰদান কৰিলে। ই গোটেই অসমৰ ছাত্ৰ-ছাত্ৰীকে এই অন্যায় বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে অনুপ্ৰেৰিত কৰিব।’

প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে ছাত্ৰীৰ গাত হাত দিয়া বুলিও প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে। অধিক খবৰ দিয়াৰ বাবে আমাৰ সাংবাদিক বিশ্ববিদ্যালয়খনৰ উপস্থিত আছে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd