• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিন্দু বাংলাদেশী : কটনত বন্দী শিক্ষা মন্ত্ৰী, বিক্ষোভৰ উমান পাই নগ’ল মুখ্য মন্ত্ৰী, ‘অ’ মোৰ আপোনাৰ দেশ’ৰে আৱেগময় পৰিৱেশ

অনিৰ্বাণ পাঠক, কল্পজ্যোতি শইকীয়া by অনিৰ্বাণ পাঠক, কল্পজ্যোতি শইকীয়া
May 10, 2018 5:56 pm
massive protest by cotton students against govt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে মুখত ক’লা কাপোৰ বন্ধা শ শ ছাত্ৰ-ছাত্ৰীৰ ‘অ’ মোৰ আপোনাৰ দেশ’ৰ সমবেত ধ্বনিত উত্তাল হৈ পৰিছে কটন বিশ্ববিদ্যালয় ( Cotton University )। প্ৰবল ছাত্ৰ বিক্ষোভৰ মাজত পৰি বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃ্হত আবদ্ধ হৈ পৰিছে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।

আনহাতে ছাত্ৰ-ছাত্ৰীৰ প্ৰবল বিক্ষোভৰ উমান পাই কটন বিশ্ববিদ্যালয়ত আজি ১০ মে’ত আয়োজিত কাৰ্য্যসূচী বাতিল কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ দাবী জনোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ ৪ গৰাকীক গৈ প্ৰেক্ষাগৃ্হৰ ভিতৰত শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ দিবৰ বাবে অনুৰোধ কৰা হৈছিল যদিও ছাত্ৰ-ছাত্ৰীসকলে এই অনুৰোধ প্ৰত্যাখ্যান কৰি সকলো প্ৰৱেশ পথ বন্ধ কৰি দিয়ে। ছাত্ৰ-ছাত্ৰীৰ মত ‘তেওঁ যদি শিক্ষা মন্ত্ৰী, তেন্তে ছাত্ৰ-ছাত্ৰীৰ সম্মুখলৈ আহি স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ সাহস দেখুৱাওক।’

বিশ্ববিদ্যালয়খনত আজি ৪ বজাত কেন্দ্ৰীয় লোকসেৱা আয়োগত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীসকলক মুখ্য মন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ কথা আছিল।

‘ছাত্ৰ একতা সভাৰ নহয়, সমগ্ৰ কটনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ এয়া’ বুলি মন্তব্য কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিজনে।

কিন্তু মুখ্য মন্ত্ৰীৰ আগমণৰ কথা ওলোৱাৰ লগে লগেই বিদেশীক সংস্থাপনৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা নীতিৰ প্ৰতিবাদৰ বাবে মাৰ বান্ধি ওলাই আহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী।

কালিৰ পৰাই বিশ্ববিদ্যালয়খনৰ দেৱালত দেখা গৈছিল নাগৰিকত্ব আইন সংশোধন বিৰোধী প’স্তাৰ। দেখা গৈছিল ‘জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল সন্ধানহীন’ আদি প’স্তাৰ। প’স্তাৰসমূহ আৰক্ষী আৰু জিলা প্ৰশাসনে আহি উঠাই লৈ যায়।

আনহাতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত ভাগ লৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা গণেশ গোস্বামীয়ে কয় ‘কটনৰ ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদে সমগ্ৰ অসমত হৈ থকা প্ৰতিবাদক এক নতুন মাত্ৰা প্ৰদান কৰিলে। ই গোটেই অসমৰ ছাত্ৰ-ছাত্ৰীকে এই অন্যায় বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে অনুপ্ৰেৰিত কৰিব।’

প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে ছাত্ৰীৰ গাত হাত দিয়া বুলিও প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে। অধিক খবৰ দিয়াৰ বাবে আমাৰ সাংবাদিক বিশ্ববিদ্যালয়খনৰ উপস্থিত আছে।

অনিৰ্বাণ পাঠক, কল্পজ্যোতি শইকীয়া

অনিৰ্বাণ পাঠক, কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd