NORTHEAST NOW (Assamese)
ক্ৰীড়া

নতুন ভূমিকাত দ্ৰাবিড়! হ’ব পাৰে আই পি এলত এই দলৰ মেণ্টৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2023 7:03 pm
Rahul Dravid

বিশ্বকাপৰ সমাপ্তিৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দুবছৰীয়া চুক্তিৰ অন্ত পৰিল ৰাহুল দ্ৰাবিড়ৰ। চুক্তি অৱসানৰ পিছত এতিয়া নতুনকৈ চুক্তিবদ্ধ হোৱাৰ বিপৰীতে পদ এৰিবলৈ সাজু হৈছে ৰাহুল দ্ৰাবিড়।

এই দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পিছত দ্ৰাবিড়ক এতিয়া আন এক ভূমিকাত দেখাৰ সম্ভাৱনা আছে। সূত্ৰ অনুসৰি, ভাৰতৰ সদ্যপ্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেন্সাইজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মেণ্টৰ হিচাপে যোগদান কৰিব পাৰে।

স্প’ৰ্টছ টক নামৰ এক সংস্থাৰ বাতৰি অনুসৰি, দ্ৰাবিড়ে ইতিমধ্যে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সৈতে আলোচনাত মিলিত হৈছে। লক্ষনীয়ভাৱে পূৰ্বৰ দুটা ছিজনত দলটোৰ মেণ্টৰ হিচাপে থকা গম্ভীৰে শেহতীয়াকৈ কলকাতা নাইট ৰাইডাৰ্ছত যোগদান কৰিছে।

এনে পৰিস্থিতিত দ্ৰাবিড় এতিয়া লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সৈতে মেণ্টৰ হিচাপে জড়িত হোৱাৰ সম্ভাৱনা নথকা নহয়। আনহাতে দ্ৰাবিড়ৰ বিদায়ৰ পিছত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক পদত ভিভিএছ লক্ষ্মণ অধিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভিভিএছ লক্ষ্মণ বৰ্তমান দ্ৰাবিড়ৰ অনুপস্থিতিত অষ্ট্ৰেলিয়া বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাত ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আছে।