NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ৪৭০০টা ‘চীনা একাউণ্ট’ বন্ধ কৰি দিলে মেটাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2023 2:43 pm

২০২৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে মেটাই চীনত আমেৰিকাৰ ৰাজনীতিৰ ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত ৪৭০০টা ভুৱা একাউণ্ট বন্ধ কৰি দিছে।

ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ মূল কোম্পানীটোৱে বৃহস্পতিবাৰে এক বিবৃতিত এই খবৰ প্ৰকাশ কৰে।

মেটাৰ মতে, বন্ধ কৰা একাউণ্টসমূহে ইজনে সিজনৰ পোষ্ট শ্বেয়াৰ কৰিছিল আৰু কিছুমান পোষ্ট ‘এক্স’ বা পূৰ্বৰ টুইটাৰৰ পৰা পোনপটীয়াকৈ কপি কৰি উৰাবাতৰি বিয়পাইছিল।

লগতে পঢ়কঃ এনে চোৰ দেখা নাই! সা-সৰঞ্জাম সহ চুৰি কৰি লৈ গ’ল ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ

কেইবাটাও ক্ষেত্ৰত এই একাউণ্টসমূহে প্ৰাক্তন হাউছ স্পীকাৰকে ধৰি আমেৰিকাৰ ৰাজনীতিবিদসকলৰ পোষ্ট কপি পেষ্ট কৰিছিল।

অৱশ্যে এই বিষয়ত মেটাই বেইজিঙক দোষাৰোপ কৰা নাই।