NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰৰ বিৰুদ্ধে এইবাৰ কৰ ফাঁকিৰ গোচৰ; হ’ব পাৰে ১৭ বছৰ জে’ল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2023 11:26 am

পুনৰ অপৰাধমূলক গোচৰত অভিযুক্ত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেন। তেওঁৰ বিৰুদ্ধে কৰ ফাঁকিৰ গোচৰ ৰুজু কৰা হৈছে।

বৃহস্পতিবাৰে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আমেৰিকাৰ ন্যায় বিভাগে। হাণ্টাৰৰ বিৰুদ্ধে গোচৰটোত ৯টা অভিযোগ সন্নিবিষ্ট কৰা হৈছে।

এই গোচৰত অভিযোগ কৰা হৈছে যে ২০১৬ চনৰ পৰা ২০১৯ চনৰ ভিতৰত তেওঁ এক আড়ম্বৰপূৰ্ণ জীৱনশৈলীৰ বাবে লাখ লাখ ডলাৰ খৰচ কৰিছিল। এই সময়ছোৱাত তেওঁ ১৪ লাখ ডলাৰ কৰ দিয়াত ব্যৰ্থ হৈছে।

লগতে পঢ়কঃ ক’তো নিৰাপদ নহয়! পাছপ’ৰ্টৰ বাবে থানালৈ যোৱা মহিলা মূৰত গুলী; ‘ভুল কৰি’ গুলী চলোৱা আৰক্ষী বিষয়া পলাতক!

কৰ ফাঁকিৰ গোচৰত দোষী সাব্যস্ত হ’লে হাণ্টাৰ সৰ্বোচ্চ ১৭ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব।

আমেৰিকাৰ ন্যায় বিভাগে কয় যে হাণ্টাৰৰ কৰ ফাঁকিৰ তদন্ত অব্যাহত আছে।

ইয়াৰ পূৰ্বে যোৱা ছেপ্টেম্বৰ মাহত হাণ্টাৰক আগ্নেয়াস্ত্ৰৰ গোচৰত অভিযুক্ত কৰা হৈছিল। তেওঁ আমেৰিকাৰ ইতিহাসত অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ সন্তান।