NORTHEAST NOW (Assamese)
অসম

মুখলজ্জাত আঁতৰালে পোষ্টঃ তাৰ পিছতো ৰাষ্ট্ৰীয় পৰ্যায়ত নিন্দিত ‘বৰ্ণবিদ্বেষী’ হিমন্ত!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2023 6:46 pm
Himanta Biswa Sarma

যোৱা মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ দৰেই সামাজিক মাধ্যমত পোষ্ট কৰিছিল গীতাৰ এক শ্লোক। এই পোষ্টটোৰে হিমন্ত বিশ্ব শৰ্মাই পৰোক্ষভাৱে সমৰ্থন যোগাইছিল বৰ্ণবিদ্বেষক।

বৈশ্য আৰু শূদ্ৰৰ শ্ৰম বিভাজনৰ পোষকতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰাৰ পাছতে এতিয়া চাৰিওফালে সমালোচনাৰ জোৱাৰ উঠিছে।

পোষ্টটোত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছে বৈশ্য আৰু শূদ্ৰৰ স্বাভাৱিক কৰ্মৰ প্ৰকাৰ। সেই অনুসৰি কৃষিকৰ্ম, গো-পালন, বাণিজ্য আদি বৈশ্যৰ স্বাভাৱিক কৰ্ম হিচাপে উল্লেখ কৰা হৈছে।

আন্হাতে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য- এই তিনি বৰ্ণক শুশ্ৰুষা কৰাই শূদ্ৰৰ স্বাভাৱিক কৰ্ম হিচাপে পোষ্টটোত উল্লেখ কৰা হৈছিল। কিন্তু এই পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ বিতৰ্কৰ।

সমালোচনা আৰু কৰ্কথনা সহ্য কৰিব নোৱাৰি মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ সামাজিক মাধ্যমৰ হেণ্ডলৰ পৰা ডিলিট কৰিবলৈ বাধ্য হ’ল উক্ত পোষ্ট।

পোষ্ট ডিলিট কৰিলেও কিন্তু মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মনুবাদী স্বভাৱ, ব্ৰাহ্মণ্যবাদী চেতনা আৰু চিন্তা ধাৰা প্ৰকট হৈ পৰা বুলি তীব্ৰ সমালোচনা কৰিছে সচেতন লোকসকলে।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰিছে বিভিন্নজনে। এক সাংবিধানিক পদত থকাৰ পিছতো ধৰ্মগ্ৰন্থৰ সহায় লৈ হিমন্ত বিশ্ব শৰ্মাই এলান্ধুকলীয়া নীতিৰে সমাজত বৰ্ণবিদ্বেষৰ প্ৰচাৰ কৰা বুলি অভিযোগ উঠিছে।

ৰাষ্ট্ৰীয় স্তৰতো তীব্ৰ কৰ্কথনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ডঃ শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যৰ বিষয়ে নৰ্থইষ্ট নাওত প্ৰকাশ পাইচিল বাতৰি।

এই বাতৰিৰ আধাৰত দেশৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট আইনজীৱি প্ৰশান্ত ভূষণে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। প্ৰশান্ত ভূষণে এনে কাৰ্যক মধ্যযুগীয়া মানসিকতা আখ্যা দি সমালোচনা কৰে।

নৰ্থইষ্ট নাওৰ প্ৰতিবেদন ৰিটুইট কৰি প্ৰশান্ত ভূষণে কয়,“এয়া হৈছে বিজেপি/আৰএছএছৰ মধ্যযুগীয়া মানসিকতা। মনুস্মৃতিৰ সম্পূৰ্ণ অনুসৰণ!”

 

আনহাতে কংগ্ৰেছ নেতা পৱন খেৰায়ো নৰ্থইষ্ট নাওৰ প্ৰতিবেদন ৰিটুইট কৰি কয়,“ইয়াৰ পিছত যদি আপুনি তেওঁক কিবা কয়, তেওঁ তেওঁৰ আৰক্ষীক পঠিয়াব। কিন্তু এনে ধৰণৰ মূৰ্খ মন্তব্যক উপেক্ষা কৰিব নোৱাৰি।”

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেলক টেগ কৰি হিমন্ত বিশ্ব শৰ্মাৰ এনে বৰ্ণবাদী মন্তব্যৰ সৈতে সন্মত নেকি বুলি প্ৰশ্ন কৰে।