NORTHEAST NOW (Assamese)
অসম

দুৰ্নীতিৰ অভিযোগত আৰু ৭ বছৰৰ কাৰাদণ্ড আং চান চ্যু কীক; ৩৩ বছৰলৈ বৃদ্ধি পালে কাৰাদণ্ডৰ ম্যাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 30, 2022 2:33 pm
দুৰ্নীতিৰ অভিযোগত আৰু ৭ বছৰৰ কাৰাদণ্ড আং চান চ্যু কীক; ৩৩ বছৰলৈ বৃদ্ধি পালে কাৰাদণ্ডৰ ম্যাদ

ম্যানমাৰৰ সামৰিক আদালতে দেশখনৰ অপসাৰিত গণতন্ত্ৰপন্থী নেত্ৰী আং চান চ্যু কী-ক দুৰ্নীতিৰ অভিযোগত আৰু ৭বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে ৰায়টো ঘোষণা কৰা হৈছে।

ইয়াৰে সৈতে জুন্টা চৰকাৰে ১৮মাহৰ ভিতৰত চ্যু কীৰ বিৰুদ্ধে সকলো অভিযোগৰ ৰায় সম্পূৰ্ণ কৰিলে। ৭৭ বছৰীয়া চ্যু কীক পূৰ্বতে ১৪ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল, যাৰ ভিতৰত আছে দুৰ্নীতিৰ জৰিয়তে অবৈধভাৱে ৱাকি-টকী আমদানি কৰা আৰু চৰকাৰী গোপন আইন উলংঘা কৰা।

উক্ত অভিযোগসমূহত তেওঁক ইতিমধ্যে ২৬ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। এতিয়া নতুন ৭ বছৰৰ কাৰাদণ্ডৰ সৈতে তেওঁৰ মুঠ কাৰাদণ্ডৰ ম্যাদ ৩৩ বছৰলৈ বৃদ্ধি পালে।

যোৱা বছৰ ১ ফেব্ৰুৱাৰীত সামৰিক বাহিনীয়ে চ্যু কীক বন্দী কৰা হৈছিল। ম্যানমাৰৰ সামৰিক চৰকাৰক জুন্টা বুলি জনা যায়। তেতিয়াৰ পৰা ম্যানমাৰৰ নিৰ্বাচিত নেত্ৰীগৰাকী সামৰিক বাহিনীৰ জিম্মাত আছে।

নোবেল বিজয়ী নেত্ৰী চ্যু কীক দুৰ্নীতিৰ অভিযোগত কেইবাটাও গোচৰত জুন্টাৰ আদালতত গোপনে বিচাৰ কৰা হৈছে।