NORTHEAST NOW (Assamese)
অসম

ডিমা-হাচাওত বিজেপিৰ একমাত্ৰ প্ৰতিদ্বন্দী তৃণমূল কংগ্ৰেছ : সুস্মিতা দেৱ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 4, 2024 4:10 pm

ডিমা-হাচাও পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত কৰি শাসনাধিষ্ঠিত বিজেপিক চোকা সমালোচনা কৰিছে তৃণমূল নেত্ৰী তথা ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সুস্মিতা দেৱে।

আজি হাফলঙৰ জিলা ত-ণমূল কাৰ্যালয়ত অনুষ্ঠিত সংবাদত মেলত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে- আচিং জেমেৰ নেতৃত্বত ডিমা হাচাওত তৃণমূল কংগ্ৰেছে হৈছে বিজেপিৰ একমাত্ৰ প্ৰতিদ্বন্দি। দীৰ্ঘদিন ধৰি পাৰ্বত্য জিলাখনত তৃণমূল কংগ্ৰেছে বিৰোধিৰ ভুমিকা গ্ৰহণ কৰি আছে। কংগ্ৰেছক চোকা সমালোচনা কৰি সুস্মিতা দেৱে কয় যে-আজি কংগ্ৰেছ দলটো দুৰ্বল হোৱাৰ একমাত্ৰ কাৰণ হৈছে তেওঁলোকৰ নেতৃত্ব। কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলোক প্ৰৱঞ্চনা কৰি নেতা সকলে বিজেপিৰ লগত গোপন মিতিৰালি ৰক্ষা কৰাৰ বাবে আজি কংগ্ৰেছ নিঃচিহ্ন হৈছে।

ইপিনে বিজেপিক তীক্ষ্ণ সমালোচনা কৰি তেওঁ কয় যে- বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰি শাসন দখল কৰাৰ ফৰ্মূলা দীৰ্যদিনীয়া। ডিমা-হাচাওতো তেওঁলোকে বিভাজনৰ ৰাজনীতি কৰি ডিমাছা আৰু অনা ডিমাচাক ভাগ ভাগ কৰিব বিচাৰিছে। চুবুৰীয়া মণিপুৰত কি ঘটিছে সয়া সকলোৱে জানে। অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী বিৰেণ সিঙৰ নিকৃষ্ঠ ৰাজনীতিৰ বাবে এতিয়া মণিপুৰ জ্বলি আছে। বিজেপিৰ এনে নীতিয়ে ডিমা-হাচাওকো মিনি মণিপুৰত পৰিণত কৰিব। অনা ডিমাছা সকলোৰ স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ (পিআৰচি)ৰ সমস্যা দাঙি ধৰি সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে কয় যে- পিআৰচি-ৰ ক্ষেত্ৰত ইমান চৰ্ত কিয়, চৰকাৰে ইমানবোৰ চৰ্ত বান্ধি দিয়াৰ পৰিৱৰ্তে কৈ দিয়ক অনা ডিমাচা সকলো পিআচি নাপায়। চাকৰি-বাকৰি নাপায়।

তৃণমূল নেত্ৰীগৰাকীয়ে পুনৰ কয় যে-বিজেপিয়ে উন্নয়নৰ কথা কৈছে। কিন্তু প্ৰকৃতে উন্নয়ন কিমান হৈছে সকলোৱে জানে। হাফলঙত ৭০বছৰ ধৰি খোৱা পানীৰ সমস্যা শেষ নহল। শিক্ষানুষ্ঠানৰ তথৈবছ অৱস্থা। অৰুণদৈ আছনি দিয়াৰ কথা কৈছে। কিন্তু ইয়াত আঁচনিৰ ধন উলিয়াবলৈ এটিএমৰ অসুবিধা। বহুতো এনেকুৱা দূৰ্গম আঞ্চল আছে যত আঁচনিৰ ধন উলিয়াবলৈ ৬০-৭০ কিলোমিটাৰ দূৰৈত যাবলৈ ৫০০টকা খৰচ কৰিব লগা হয়। এয়াই হৈছে উন্নয়নৰ প্ৰকৃত ৰূপ। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱায় আৰু শাসনত আহিলে সকলো পাহৰি যায়। এয়াই হৈছে বিজেপিৰ প্ৰকৃত স্বৰূপ। অসম তৃণমূল কংগ্ৰেছে সকলোৰে উন্নয়ন বিচাৰে সেয়ে এইবাৰ ডিমা-হাচাও স্বায়ত্ব শাসিত পৰিষদত প্ৰতিদ্বন্দিতা কৰিছে আৰু এইবাৰ তৃণমূলৰ বিজয় নিশ্চিত।